Breaking

হোজাই বন বিভাগৰ অভিযানত অবৈধ কাঠফলা মিল জব্দ

0 1,038

হোজাই জিলাৰ চৌধুৰী বজাৰত আজি হোজাই বন বিভাগে অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে তীব্ৰ অভিযান চলায়৷ অভিযানত ৩ নং চামৰালিৰ ঈদগাহৰ ওচৰৰ পৰা এটা অবৈধ কাঠফলা মিল জব্দ কৰে বন বিভাগে৷ হোজাই বন সংমণ্ডল প্ৰাধিকাৰী গুণদ্বীপ দাসৰ নিৰ্দেশত হোজাই বন সুৰক্ষা বিষয়া মহেশ নাথৰ নেতৃত্বত বন বিভাগৰ এটা দলে অভিযান চলাই জব্দ কৰে মিলটো৷ঘটনা সংক্ৰান্তত বন বিভাগৰ লোকে কাকো আটক কৰিব পৰা নাই যদিও তদন্ত চলাই আছে বন বিভাগে৷

উল্লেখ্য যে হোজাইৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিনৰ পৰা চলি আহিছিল কেবাটাও অবৈধ কাঠফলা মিল৷ শেহতীয়াকৈ এনে অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে বন বিভাগে তীব্ৰ অভিযান আৰম্ভ কৰিছে৷দুদিন পূৰ্বেও মোৰাঝাৰৰ ৰহমত নগৰৰ পৰা এটা অবৈধ কাঠফলা মিল বন বিভাগে জব্দ কৰাৰ পিছত আজি চামৰালিত অভিযান চলাই পুনৰ আন এটা অবৈধ কাঠফলা মিল জব্দ কৰে বন বিভাগে৷বন বিভাগে এই চক্ৰটোৰ বিৰুদ্ধে তীব্ৰ অভিযান চলালেও পুনৰ চক্ৰটোৱে ভিতৰুৱা দুৰ্গম অঞ্চলত এনেদৰে কাঠফলা মিল বহুৱাই চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছে৷

Leave A Reply