Breaking

তেজস্বিনী জনজাগৰণ অসম মহিলা সমিতিৰ আমৰণ অনশন, ধৰ্ষণকাৰীক একমাত্ৰ শাস্তি ফাঁচী দিয়াৰ দাবী

0 120

দৈনন্দিন বাৰ্তাৰ সেৱা, হোজাইঃ নাৰী ধৰ্ষণকাৰী একমাত্ৰ শাস্তি ফাঁচী দিয়াৰ দাবীৰে তেজস্বিনী জনজাগৰণ অসম মহিলা সমিতিয়ে হোজাই জিলাৰ শংকৰদেৱ নগৰস্হিত উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত চলিত মাহৰ যোৱা ১৭ তাৰিখৰ পৰা ১৯  লৈকে ধৰ্মঘট কাৰ্য্যসুচী ৰূপায়ণ কৰি আহিছে৷ যোৱা তিনিটা দিনেও ধৰ্মঘটকাৰী সকলক চৰকাৰ ফালৰ পৰা কোনো খবৰ নোলোৱাত ২০ তাৰিখৰ পৰা তেজস্বিনীৰ অসম প্ৰদেশ অধক্ষ্যা নমিতা চাহুয়ে আমৰণ ঘোষণা কৰে। যেতিয়ালৈকে চৰকাৰে উচিত সিদ্ধান্ত নলয় এই অনশন অব্যাহত থাকিব বুলি তেজস্বিনীৰ অধক্ষ্যাই জনায়।

সদস্যা সকলে কৰা ধৰ্ষণকাৰীৰ শাস্তি ফাঁচী আইন বলৱৎ হোৱাতো কাৰ্য্যকৰী কৰাৰ বাবে উচিত পদক্ষেপ হাতত লোবাৰ বাবে সমূহ ৰাইজ, দল সংগঠনক অনুৰোধ কৰি তেজস্বিনী গ্ৰোপে এই নৱৰাত্ৰি পৰ্বত নাৰীশক্তি সুৰক্ষাৰ বাবে লোৱা পদক্ষেপত সকলোৱে সহযোগ আৰু নাৰীশক্তিক যদি সন্মান কৰা সকলোকে আগুৱাই আহিবলৈ  আহ্বান জনাইছে। উল্লেখ্য যে এক সামাজিক ব্যাধিৰ বিৰুদ্ধে তেজস্বিনী জনজাগৰণ অসম মহিলা সমিতিয়ে ৰাজ্য ব্যাপি হস্তাক্ষৰ অভিযান আৰম্ভ কৰি আহিছে, সমিতিয়ে অভিযানৰ যোগেদি কেন্দ্ৰ তথা ৰাজ্য চৰকাৰক আহ্বান কৰিব ওলাইছে যে ওঠৰ বছৰৰ কম বয়সৰ নাবালিকাক ধৰ্ষণ কৰা ধৰ্ষণকাৰীক চিধা ফাঁচী দিয়াৰ আইন হ’ব লাগে আৰু আদালতেও কম সময়তে ধৰ্ষণকাৰীক ফাঁচীৰ আদেশ দিব লাগে।

এই উদ্দেশ্যৰে সমিতিৰ উদ্যোগত প্ৰদেশ স্তৰত “ধৰ্ষণকাৰীক ফাঁচী দিয়ক” শীৰ্ষক অভিযান চলি আছে। তেজস্বিনী জন জাগৰণ অসম মহিলা সমিতিৰ প্ৰদেশ অধ্যক্ষা নমিতা চাহুয়ে জনায় অভিযান চলিত বৰ্ষৰ চেপ্তেম্বৰ মাহৰ ২৭ তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু হোজাই, নগাওঁ, মৰিগাওঁ আৰু শিলচৰৰ বিভিন্ন ঠাইত অব্যাহত আছে অভিযান। এই অভিযান সমিতিৰ স্বেচ্ছাসেবীকা দলে স্বাক্ষৰতা অভিযান অব্যাহত ৰাখিছে। কাৰ্য্যকৰ্ত্তা সকলে চহৰত অহা-যোৱা কৰা লোক সকলক সমিতিৰ মূল উদ্দেশ্য সমূহ দাঙি ধৰাৰ লগতে হস্তাক্ষৰ কৰি অভিযান সফল ৰূপায়ন কৰা লক্ষ্যত সহযোগ কৰাৰ আহ্বান জনোৱা পৰিলক্ষিত হয়।

প্ৰদেশ অধ্যক্ষা নমিতা চাহুৰ তত্বাৱধানত চলা অভিযান হস্তাক্ষৰ অভিযান ভাৰতবৰ্ষত চৰ্চাৰ বিষয় ৰূপে অভিযানৰ আকাৰ হ’ব বুলি আশাবাদী। হস্তাক্ষৰ কমেও ৯ কি. মি. দীঘল কাপোৰত হস্তাক্ষৰ কৰোৱাবলৈ সক্ষম হ’ব আৰু সেই কাপোৰ প্ৰধান মন্ত্ৰীলৈ পঠোৱাৰ ব্যৱস্থা কৰা হ’ব বুলি জনায়। অভিযানত সকলোৰে সহায়-সহযোগীতা কামনা কৰি ৰাজ্যত ধৰ্ষণকাৰীক দোষৰ বাবে উচিত শাস্তি পায় তাৰ বাবে পদক্ষেপ লবলৈ আহ্বান জনায়।

Leave A Reply