Breaking

অসম মণিপুৰী সাহিত্য পৰিষদৰ কেন্দ্ৰীয় সভাপতিৰ মৃত্যুত শোক

0 96

দৈনন্দিন বাৰ্তা সেৱা, হোজাইঃ অসম মণিপুৰী সাহিত্য পৰিষদৰ কেন্দ্ৰীয় সভাপতি, প্ৰাক্তন অধ্যাপক ড০ কাৰাম ইবুঙহন সিংহ সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰে। তেখেতৰ মৃত্যৰ খবৰ পাই হোজাই নতুন বজাৰৰ গীতামন্দিৰ স্থিত নিজ বাসবভনত আত্মীয়স্বজন তথা অসংখ্য গুণমুদ্ধই ভিৰ কৰে, পিছত তেখেতৰ নশ্বৰদেহ অন্তিম দৰ্শনৰ বাবে মণিপুৰী সাহিত্য পৰিষদৰ জিলা কাৰ্য্যালয় লৈ অনা হয়।

প্ৰয়াত সভাপতি গৰাকীৰ নশ্বৰ দেহত পৰিষদৰ কেন্দ্ৰীয়, জিলা নেতৃত্ব তথা অনান্য গুণমুদ্ধ সকলে পুষ্পাঞ্জলি দি অন্তিম দিবায় জনায়। প্ৰয়াত অধ্যাপক তথা বিশিষ্ট শিক্ষাবিধ গৰাকীৰ বিদেহী আত্মাৰ সদগতি কানমনা কৰি তথা শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰি অসম মণিপুৰী সাহিত্য পৰিষদৰ হোজাই জিলা কমিটিৰ পৰা এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰা হয়।

তেখেতৰ মৃত্যুত মণিপুৰী সমাজৰ অপুৰনীয় ক্ষতি বুলি বিভিন্ন জনে অভিহিত কৰে। ড০ কাৰাম ইবুঙহন সিংহ অধ্যাপকৰ লগতে মণিপুৰী সাহিত্য পৰিষদৰ ওপৰিও নগাওঁ জিলা মণিপুৰী ছাত্ৰ সন্থাৰ প্ৰতিস্থাপক উপ-সভাপতিৰ লগতে অনান্য সামাজিক কাম সমূহৰ লগত জৰিত আছিল।

মৃত্যৰ সময়ত তেওঁৰ বয়স আছিল ৬৮ বছৰ। হোজাই প্রেছ ক্লাবৰ সভাপতি তথা “হোজাই দৰ্পন” সাপ্তাহিক কাকতৰ মূখ্য সম্পাদক সঞ্জিত সৰকাৰেও প্ৰয়াত শিক্ষাবিধ ড০ কে আই সিংহৰ বিদেহী আত্মাৰ সাদগতি কামনা কৰি শোক সন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

Leave A Reply