Breaking

হোজাই শংকৰদেৱনগৰ আদালত চৌহদত ন্যায় বিচাৰি এগৰাকী ভুক্তভোগী মহিলাৰ উচুপনি

0 1,165

ডবকা : হোজাই জিলাৰ শংকৰদেৱনগৰ আদালত চৌহদত কালি প্ৰেমিকৰ দ্বাৰা প্ৰতাৰিত এগৰাকী মহিলাৰ হিয়াভগাঁ কান্দোনে সকলোকে আচৰিত কৰি তোলে৷ বিবাহপাশত আৱদ্ধ নোহোৱাকৈয়ে এজন লম্পটৰ লগত তিনি বছৰ সংসাৰ কৰিছিল এই মহিলাগৰাকীয়ে৷ তিনিবছৰৰ অন্তত এটি পুত্ৰ সন্তানসহ মহিলাগৰাকীক নিশা পেলাই থৈ গুছি গ’ল লম্পট স্বামী ৰঞ্জিত দাস ৷ যাৰ বাবে ন্যায় বিচাৰি লংকাৰ মমতা মজুমদাৰ নামৰ এই মহিলাগৰাকীৰ উচুপনিয়ে হোজাই শংকৰদেৱনগৰ আদালত চৌহদত কালি এক আবেগিক পৰিৱেশৰ সৃষ্টি কৰে৷ লংকাৰ মমতা মজুমদাৰক একে গাঁৱৰে ৰঞ্জিত দাস নামৰ লম্পট যুৱকজনে প্ৰেমৰ চলনাৰে ফুচলাই পলুৱাই লৈ গৈছিল তিনি বছৰ পূৰ্বে৷ বিবাহপাশত আৱদ্ধ নোহোৱাকৈয়ে ৰঞ্জিত দাসে লামডিঙত মহিলাগৰাকীক ৰাখি তাতে ঘৰ সংসাৰ চলাই আহিছিল৷ এনেকৈয়ে তেওঁলোকৰ সংসাৰত আগমণ হয় এটি কন্যা সন্তানৰ৷ তাৰ পিছতে মমতাৰ সুখৰ সংসাৰখন ভৰি পৰে অজস্ৰ দুখেৰে৷ মমতাৰ ওপৰত আৰম্ভ হয় স্বামীৰ অকথ্য নিৰ্যাতন৷ কেইদিনমান পূৰ্বে কিবা কামৰ অজুহাতত স্বামী ৰঞ্জিত দাসে পত্নী মমতাক পেলাই থৈ মনে মনে গুছি যায়৷ দীৰ্ঘদিন স্বামী ঘৰলৈ ঘূৰি নহাত মমতা স্বামীগৃহত উপস্থিত হয় যদিও শহুৰৰ পৰিয়ালেও মাৰপিট কৰি অকথ্য নিৰ্যাতন চলাই মহিলাগৰাকীক ঘৰৰ পৰা খেদি দিয়ে৷ উপায়ান্তৰ হৈ মহিলাগৰাকীয়ে শংকৰদেৱনগৰ আদালত চৌহদত ন্যায় বিচাৰি এনেদৰে উচুপি উঠে৷ অধিবক্তা সকলৰ হাতে ভৰিয়ে ধৰি সহায়ৰ বাবে আহ্বান জনায়৷ আদালত চৌহদত মহিলাগৰাকীৰ এই উচুপনিৰ দৃশ্য প্ৰত্যক্ষ কৰে হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ সম্পাদিকা তথা ন্যায়িক দণ্ডাধীশ প্ৰনিতা মৰাঙে৷ অৱশেষত প্ৰনিতা মৰাঙৰ নিৰ্দেশত পেনেল অধিবক্তা ৰোহিনা ৱাৰিছ আৰু দীপক দেৱনাথে মহিলাগৰাকীক বিনামূলীয়া আইনী সাহায্য প্ৰদানৰ বাবে আগবাঢ়ি আহে৷ হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ তৎপৰতাত মহিলাগৰাকীয়ে স্বামী আৰু স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে লংকা থানাত তৰা হৈছে এটা গোচৰ৷ হোজাই জিলা আইনসেৱা প্ৰাধিকৰণেও নিজাবৱীয়াকৈ ৰুজু কৰিছে আন এটা গোচৰ৷ সম্প্ৰতি মহিলা গৰাকীক হোজাই জিলা আইনসেৱা প্ৰাধিকৰণে উদ্ধাৰ কৰি সুৰক্ষিত স্থানলৈ প্ৰেৰণ কৰিছে৷ উল্লেখ্য যে আজিৰ পৰা ৭ বছৰ পূৰ্বে মহিলাগৰাকী বিবাহপাশত আৱদ্ধ হৈছিল কৰিমগঞ্জৰ সন্তোষ সিকদাৰৰ সৈতে৷ স্বামীৰ নিৰ্যাতনত অতিষ্ট হৈ মহিলাগৰাকী লংকাৰ পিতৃগৃহত গুছি আহে৷ তাৰ পিছতে লম্পট ৰঞ্জিত দাসে প্ৰেমসুত্ৰে পলুৱাই নিছিল মহিলাগৰাকীক৷ ন্যায় বিচাৰি আদালত চৌহদত এগৰাকী মহিলাৰ এই হৃদয় বিদাৰক দৃশ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

Leave A Reply