Breaking

হোজাইত সাহিত্য সভাৰ সাহিত্য পাঠ, গ্ৰন্থ উন্মোচনী অনুষ্ঠান

0 230

হোজাইঃ দীৰ্ঘ দিন বিৰতিৰ পিছত আজি হোজাই জাতীয় বিদ্যালয়ৰ প্ৰঙ্গনত হোজাই জিলা সাহিত্য সভাৰ গ্ৰন্থ উন্মোচনী আৰু নিয়মীয়া সাহিত্য পাঠ অনুষ্ঠান অনুষ্ঠিত হয়। দিনৰ ২-৩০ বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানৰ আৰম্ভণিতে হোজাইৰ স্পন্দন ডান্স একাডেমীৰ ছাত্ৰী ভাস্বতী গোস্বামী, প্ৰত্যাশি কাশ্যপ, নৱলীনা নাথ আৰু দেৱদত্তা ঘোষৰ দুৰ্গা বন্দনা শীৰ্ষক এটি নৃত্য পৰিবেশন কৰে। গ্ৰন্থ উন্মোচনী অনুষ্ঠান অনুষ্ঠানত সাহিত্যক পেঞ্চনাৰ ড০ সাৰদানন্দ দেৱগোস্বামীৰ উপন্যাস ‘উত্তল সৰত্নি’ সিদ্ধাৰ্থ শংকৰ বেজবৰুৱাই উন্মোচন কৰে। বিৰাজ কুমাৰ বৰাৰ কাব্য সংকলন ‘জীৱন নদীৰ পালতৰা নাওঁ’ উন্মোচন কৰে অনুপ কুমাৰ বৰঠাকুৰ আৰু ‘জীৱনৰ জোনাক বিচাৰি’ নামৰ গল্প সংকলন খন উন্মোচন কৰে সিদ্ধাৰ্থ শংকৰ বেজবৰুৱাই। নিয়মীয়া সাহিত্য পাঠ অনুষ্ঠানত বিভাষ দাস আৰু পদ্মকান্ত বৰাই গল্প, ডাঃ চামছুল হকে কঠিকা, কল্পনা দেৱী গোস্বামী, এম জামাল উদ্দীন, নিবেদিতা শৰ্মা, চন্দনা ডেকা, শশী প্ৰভা শইকীয়া, আৰাধনা শৰ্মা,অমল কলিতা, অনুপ কুমাৰ বৰঠাকুৰ, অনুপ কুমাৰ বৰঠাকুৰ আৰু সাগৰিকা মহন্তই স্বৰচিত কবিতা পাঠ কৰাৰ লগতে অনাতাঁৰ শিল্পী পদ্মিনী ডাউলাগাপুৱে গীত পৰিবেশন কৰে৷ সাহিত্যক ডঃ সাৰদানন্দ দেৱ গোস্বামীয়ে সঞ্চালনা কৰা অনুষ্ঠানত সমীক্ষক হিচাপে উপস্থিত থাকে সাহিত্যক পদ্ম কান্ত নাথ।

Leave A Reply