Breaking

অসুস্থ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ : দিল্লীৰ এইমছত ভৰ্ত্তি

0 1,278

দৈনন্দিন বাৰ্তা ডেস্ক : শনিবাৰে নিশা পুনৰ শ্বাসকষ্ট অনুভৱ কৰাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক দিল্লীৰ এইমছত ভৰ্ত্তি কৰা হয় ৷ যোৱা নিশা ১১ বজাত কেন্দ্ৰীয় গৃহমন্ত্ৰীজনক এইমছৰ কাৰ্ডিঅ’-নিউৰো টাৱাৰত ভৰ্ত্তি কৰা হয় ৷ প্ৰাপ্ত তথ্য মতে এইমছৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়াৰ তত্ত্বাৱধানত গৃহমন্ত্ৰীৰ চিকিৎসা চলিছে ৷ তেওঁৰ শাৰীৰিক অৱস্থা স্থিতিশীল বুলি জানিব পৰা গৈছে ৷ অৱশ্যে বাতৰি লিখা পৰ্যন্ত চিকিৎসালয়ৰ পৰা কোনো বুলেটিন প্ৰকাশ কৰা নাই ৷ উল্লেখ্য যে দুসপ্তাহৰ আগতে এইমছৰ পৰি আহিছিল অমিত শ্বাহ ৷ উল্লেখ্য যে যোৱা ডেৰ মাহৰ ভিতৰত গৃহমন্ত্ৰীজনক তৃতীয়বাৰৰ বাবে চিকিৎসালয়ত ভৰ্ত্তি কৰা হয় ৷ যোৱা এমাহ চিকিৎসালয়ত কটাই আহিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ যোৱা ২ আগষ্টত টুইট কৰি তেওঁ জনাইছিল ক’ৰোনা ভাইৰাছত আক্ৰান্ত হোৱাৰ কথা ৷ চিকিৎসকৰ পৰামৰ্শ মতে তেওঁ সেই দিনাই চিকিৎসালয়ত ভৰ্ত্তি হৈছিল ৷ তেওঁক গুৰগ্ৰামৰ মেদান্ত হাস্পতালত ভৰ্ত্তি কৰা হৈছিল ৷ তাৰ পাচত ১৪ আগষ্টত ক’ৰোনাৰ পৰা মুক্ত হোৱাৰ কথা নিজেই টুইট কৰি জনাইছিল ৷ কিন্তু ইয়াৰ কেইদিনমানৰ পাচতে অমিত শ্বাহ পুনৰ অসুস্থ হয়৷ চিকিৎসকে অমিত শ্বাহৰ শাৰীৰিক অৱস্থাৰ ওপৰত নজৰ ৰাখিছে ৷ গৃহ মন্ত্ৰীজনৰ স্বাস্থ্যক লৈ উদ্বিগ্ন হৈ পৰিছে তেওঁৰ পৰিয়াল, অনুগামী আৰু শুভাকাংক্ষীসকল ৷

Leave A Reply