Breaking

দিল্লীৰ কনটেনমেণ্ট জ’নৰ প্ৰতি ঘৰতে স্ক্ৰীণিং আৰম্ভ : ৩০ জুনত হ’ব সম্পন্ন ; ১০ জুলাইত দিব ফলাফল ।

0 855

অনলাইন বাৰ্তা :

দেশৰ ৰাজধানীত ক’ৰোনা ভাইৰাছ সংক্ৰমণে তীব্ৰ ৰূপ ধাৰণ কৰিছে৷ এনে সময়তে দিল্লীৰ কনটেনমেণ্ট জ’নৰ প্ৰতিটো ঘৰতে শনিবাৰৰ পৰা স্ক্ৰীণিং আৰম্ভ কৰিছে৷ এই স্ক্ৰীণিং অহা ৩০ জুনত সম্পন্ন হ’ব আৰু ১০ জুলাইত ইয়াৰ ফলাফল দিব৷ এই বৃহৎ কামটোৰ বাবে ১১০০ টা দল গঠন কৰা হৈছে৷ প্ৰতিটো দলতে দুজনকৈ সদস্য আছে৷ দিল্লী চৰকাৰৰ ৰাজহ বিভাগৰ বিষয়া এজনে জনোৱা মতে প্ৰতিখন জিলাতে প্ৰায় ১০০ টা দল গঠন কৰা হৈছে৷ ইয়াৰ প্ৰতিটো দলতে আশাকৰ্মী আৰু এএনএম থাকিব৷ উল্লেখ্য যে ২০১১ চনৰ পিয়ল মতে দিল্লীত ৩৪.৩৫ লাখৰো অধিক ঘৰ আছিল৷ ইয়াৰ লগতে চহৰাঞ্চলত ৩৩.৫৬টা আৰু গ্ৰাম্য এলেকাত ৭৯,৫৭৪টা ঘৰ আছে৷ ইপিনে, যোৱা ২৪ ঘণ্টাত দিল্লীত ৩৪৬০ জন লোক নতুনকৈ ক’ৰোনাত আক্ৰান্ত হয়৷ তদুপৰি ২৩২৬জন লোক আৰোগ্য হোৱাৰ লগতে ৬৩ জন মৃত্যু হয়৷ বৰ্তমানে দিল্লীত মুঠ ৭৭২৪০ জন ক’ৰোনাত আক্ৰান্ত হৈছে আৰু ৪৭০৯১ জন আৰোগ্য হোৱাৰ লগতে ২৪৯২ জনৰ মৃত্যু হৈছে৷ আনহাতে মুঠ ২৭৬৫৭ জন লোক ক’ৰোনাত আক্ৰান্ত হোৱাৰ লগতে ১৬২৪৯ জন লোক ঘৰতে আইচলেচন হৈ আছে৷ উল্লেখ্য যে যোৱা ২৪ ঘণ্টাত দিল্লীত ২১১১৪টা পৰীক্ষা কৰা হয়৷ ২৬ জুন পৰ্যন্ত ৪৫৯১৫৭ জন লোকক পৰীক্ষা কৰা হয় ৷

Leave A Reply