Breaking

নলবাৰীৰ দুধনাথ বিগ্ৰহত বিধায়ক অশোক শৰ্মাৰ হোম-যজ্ঞ লগতে হিন্দু ক্ৰান্তি দল আৰু হিন্দু যুৱ ছাত্ৰ পৰিষদৰ শ্ৰীৰাম মন্দিৰৰ ভূমি পূজন শীৰ্ষক কাৰ্যসূচী পালন

0 1,302

নলবাৰী : আজি পবিত্ৰ আযোধ্যাত পাঁচশ বছৰীয়া এক দীঘলীয়া পৰিক্ৰমাৰ অন্তত ৰাম মন্দিৰৰ ভূমি পূজনৰ লগতে হ’ল শিলান্যাস। আযোধ্যাৰ ৰাম মন্দিৰৰ ভূমি পূজনৰ লগত সংগতি ৰাখি নলবাৰীৰ খাৰঝাৰাৰ ১০০৮ দুধনাথ বিগ্ৰহ সন্যাসী আশ্ৰমত অনুষ্ঠিত হ’ল বিষ্ণু যজ্ঞ। নলবাৰীৰ বিধায়ক অশোক শৰ্মাৰ উদ্যোগত অনুষ্ঠিত হৈছে এই যজ্ঞ। এক ঐতিহাসিক বিজয় আৰু ৰাম মন্দিৰৰ সকলো কাৰ্যসূচী শান্তিৰে পাৰ হোৱাৰ কামনাৰে আয়োজন কৰা হৈছে এই যজ্ঞৰ।এই যজ্ঞত অগণন ভক্তৰ সমাগম ঘটে। আনহাতে আজি সমগ্ৰ ভাৰতবাসীৰ বাবে ঐতিহাসিক দিন। কিয়নো আজি ভগৱান শ্ৰীৰামৰ জন্ম স্হান অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজন কৰা হৈছে। সেই উদ্দেশ্যৰ লগত সংগতি ৰাখি নলবাৰী গণেশ মন্দিৰৰ প্ৰাংগণত হিন্দু ক্ৰান্তি দল নলবাৰী সমিতিয়ে ৰাম মন্দিৰৰ ভূমি পূজন শীৰ্ষক এক কাৰ্যসূচী ৰূপায়ণ কৰে। এই অনুষ্ঠানত ভগৱান শ্ৰীৰামৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে নলবাৰীৰ বিশিষ্ট চিকিৎক ৰাকেশ জৈনে। তদুপৰি হিন্দু ক্ৰান্তি দলৰ প্ৰত্যেকজন কৰ্মীয়ে ভগৱান শ্ৰীৰামৰ চৰণত চাকি জ্বলোৱাৰ উপৰি দলটোৱে অসম চৰকাৰক নলবাৰী জিলাতো এটি ৰাম মন্দিৰ নিৰ্মাণৰ দাবী জনায়। আনহাতে এই কাৰ্যসূচীৰ অন্তত নাৰী সুৰক্ষাৰ স্বাৰ্থত হিন্দু ক্ৰান্তি দলে এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰে। সমান্তৰালভাৱে হিন্দু যুৱ ছাত্ৰ পৰিষদে ও শ্ৰীৰাম মন্দিৰৰ ভূমি পূজন শীৰ্ষক এক কাৰ্যসূচী পালন কৰে। যুৱ ছাত্ৰ পৰিষদে প্ৰথমতে নলবাৰী গণেশ মন্দিৰত শ্ৰীৰামৰ প্ৰতিচ্ছবিৰ চৰণত বন্তি প্ৰজ্বলন কৰে আৰু তাৰ পিছতে নলবাৰী জেল ৰোডস্থিত হনুমান মন্দিৰত ও বন্তি প্ৰজ্বলন কৰে।

Leave A Reply