Breaking

সততা এতিয়াও জীয়াই আছে ! অটো চালকে মহিলাক ওভতাই দিলে এৰি থৈ যোৱা সোণ ভৰ্তি বেগ…

0 43

সততা এতিয়াও আছে, অটো চালকে মহিলাক ওভতাই দিলে এৰি থৈ যোৱা সোণ ভৰ্তি বেগ

ওড়িশাৰ এজন অটো চালকৰ সততাৰ কথাই এতিয়া সংবাদ শিৰোনাম দখল কৰিছে। মানৱতা আৰু সততাৰ এতিয়াও মৃত্যু ঘটা নাই । সেই কথা পুনৰবাৰ প্ৰমাণ কৰিলে এজন অটো চালকে। মহিলাগৰাকীয়ে তেওঁৰ ল’ৰা ছোৱালীৰ সৈতে বিয়ালৈ গৈ আছিল। খৰখেদাকৈ অটোৰ পৰা নামি যোৱাৰ সময়ত মহিলাগৰাকীয়ে নিজৰ বেগটো পাহৰি অটোতে এৰি থৈ গ’ল। মোনাটোত ৫ লাখ টকাৰ সোণৰ অলংকাৰ আছিল। মহিলাগৰাকী নামি যোৱাৰ পিছত অটো চালকজন ঘৰলৈ উভতি আহিছিল।

অটোৰ চালকজনে সোণেৰে ভৰ্তি বেগ দেখা পাই লগে লগে আৰক্ষীৰ কাষ চাপে। তেওঁ আৰক্ষীৰ হাতত বেগটো ওভতাই দি মহিলাগৰাকীৰ সন্ধান কৰিবলৈ অনুৰোধ জনায়। ঘটনাটো ওড়িশাৰ ভদ্ৰক অঞ্চলত সংঘটিত হৈছে। অটো চালকজনৰ নাম ইনায়ত খান ।আৰক্ষীয়ে সন্ধান চলাই শুভস্মিতা লেঙ্কা নামৰ মহিলাগৰাকীক বিচাৰি উলিয়াবলৈ সক্ষম হয়। তালানগৰ অঞ্চলৰ শুভস্মিতাই তেওঁৰ সন্তানৰ সৈতে ইনায়াতৰ অটোত গৈছিল।ইনায়াতে কয় যে মহিলাগৰাকীক নমাই থৈ তেওঁ ঘৰলৈ গৈছিল আৰু অটোৰ ভিতৰত এটা মোনা পৰি থকা দেখিছিল।

ইনায়াতে ধৰিব পাৰিছিল যে বেগটো এগৰাকী মহিলা যাত্ৰীগৰাকীৰেই হ’ব তেওঁ লগে লগে তালানগৰ আৰু ঝামঝাৰী অঞ্চলত মহিলাগৰাকীক বিচাৰি গৈছিল। কিন্তু ইনায়েতে মহিলাগৰাকীক বিচাৰি নাপালে। অৱশেষত তেওঁ বেগটো ভদ্ৰক আৰক্ষী থানাত চমজাই দিয়ে। পিছত শুভস্মিতাই আৰক্ষী থানাৰ পৰা তেওঁৰ বেগটো সংগ্ৰহ কৰে ।সুভাষমিতাই কয় যেতেওঁৰ বেগত সোণ আছিল। সেয়া বিয়াত দিবলৈ নিছিল।বেগটো ঘূৰাই দিয়াৰ বাবে তেওঁ ইনায়াতক ধন্যবাদ জ্ঞাপন কৰে। অটো চালকগৰাকীৰ এনে সততাই সকলোকে আনন্দিত কৰিছে।

Leave A Reply