Breaking

শিমুলীতলাৰ কামাৰপোতাত পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, কথমপি প্ৰাণৰক্ষা চালক-আৰোহীৰ

0 53

কামাৰপোতা গাঁৱৰ পূৱ মুৰত সোমাবাৰৰ পুৱতি নিশা প্ৰায় ৪ বজাত গোৱালপাৰাৰ পৰা নগৰবেৰা অভিমুখে গৈ থকা তীব্ৰবেগী ব্ৰীজা বাহন এখনে পথৰ কাষৰ বিদ্যুতৰ খুটাত খুন্দা মৰাত পকী বিদ্যুতৰ খুটা ভাঙি যোৱাৰ লগতে বাহন খনৰ সন্মুখভাগ ভাঙি চুৰ্ণবিচুৰ্ণ হয়

বাহনখনত চালক সহ পাঁচজনকৈ যাত্ৰী থকা বুলি জানিব পৰা গৈছে, দুৰ্ঘটনাটোত কথমপি চালক-আৰোহী নিশ্চিত বিপদৰ পৰা হাত সাৰিল

দুৰ্ঘটনাত পতিত হোৱা বাহন খনৰ নম্বৰ AS01-EV5847, শিমলীতোলা আৰক্ষী চকীৰ পৰা আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহনখন ট্ৰেক্টৰ এখনেৰে টানি আৰক্ষী চকীলৈ নিয়াৰ দিহা কৰে

আনহাতে বিদ্যুতৰ খুটা ভঙাৰ ফলত সম্প্ৰতি কামাৰপোতা গাঁৱত বিদ্যুত যোগান ব্যাহত হৈ আছে ,দুৰ্ঘটনাৰ খৱৰ পাই ঘটনাস্থলীত বহু লোকৰ সমাগম হয়

ঘন কুঁৱলীৰ বাবে চালকে ৰাস্তা ভালকৈ নেদেখাৰ বাবেও দুৰ্ঘটনাটো সংঘটিত হ’ব পাৰে বুলিও অনুমান স্থানীয় ৰাইজৰ

নগৰবেৰাৰ পৰা আবুল হুছেইনৰ প্ৰতিবেদন

Leave A Reply