Breaking

ক’ভিড-১৯‌ৰ ভয়াবহতা: সজাগ আৰু সচেতনতাৰ বাবে টীয়কত চুটি ছবি “প্ৰতিৰোধ” শুভ মুক্তি

0 2,031

যি  সময়ত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে ৰাজ্যতো ক’ভিড-১৯ য়ে ভয়াবহ ৰূপ ধাৰণ কৰি দৈনিক আক্ৰান্ত ৰোগী আৰু মৃতকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে সেইসময়তে টীয়কৰ কেইজনমান উদীয়মান যুৱকে ক’ভিডক লৈ সাধাৰণ জনতাক প্ৰশাসনৰ সমান্তৰালকৈ সজাগ আৰু সচেতন কৰিবৰ বাবে ” প্ৰতিৰোধ” নামেৰে এখন চুটি ছবি নিৰ্মাণ কৰি উলিয়াইছে। TS প্ৰডাকচনৰ বেনাৰত নিৰ্মিত চুটি ছবিখন মুদৈজান কমলাবাৰী সংগীত মহাবিদ্যালয়, টীয়কত ক’ভিড প্ৰ’টকল মানি শুভ উন্মোচন কৰে। বিশেষকৈ ছবিখনৰ জৰিয়তে কণকণ ছাত্ৰ ছাত্ৰী সকলৰ মাজত ক’ভিডক লৈ সচেতনতা বৃদ্ধিৰ প্ৰয়াস কৰা হৈছে।  ছবি খন শুভ মুক্তি কৰে টীয়ক প্ৰেছ ক্লাৱৰ উপদেষ্টা ৰিজু  কুমাৰ শইকীয়াই লগতে অনুষ্ঠানটোত উপস্থিত থাকি সৌষ্ঠব বৃদ্ধি কৰে বি.আৰ. আম্বেদকাৰ ৰাষ্ট্ৰীয় বঁটা প্ৰাপক তুষাৰ পাল, মুদৈজান কমলাবাৰী সংগীত মহাবিদ্যালয় অধ্যক্ষ দীলিপ ভূঞা বৰবায়নৰ লগতে টীয়কৰ কেইবাজনো নাট্যকর্মী। সকলোৱে চুটি ছবি খন আদৰি লোৱাৰ লগতে সজাগতা বৃদ্ধিত বিশেষ অৰিহণা যোগাব বুলি উদীয়মান যুৱক কেইজ আশাবাদী।এই ছুটি ছবি খন ইউটিওবতো উপলব্ধ হ’ব বুলি উদ্যোক্তা জানিবলৈ দিয়ে ।

Leave A Reply