Breaking

নামতহে চিকিৎসালয়।কামত নাই।এটুপি খোৱা পানীৰ বাবে হাহাকাৰ ৰোগীৰ

0 2,066

অসম অৰুনাচল প্ৰদেশৰ সীমান্তৱৰ্তী  ওদালগুৰি জিলাৰ ৭০ নং মাজবাট বিধান সভা সমষ্টিত থকা মহলীয়াপাৰা আৰ্দশ চিকিৎসালয় । উল্লেখযোগ্য যে বৃহৎ  অঞ্চলটোৰ চিকিৎসা সেৱাৰ প্ৰতি লক্ষ্য ৰাখি তদানীন্তন বিটিচি প্ৰধান হাগ্ৰামা মুহিলাৰী,৭০ নং মাজবাট বিধান সভা সমষ্টি বিধায়ক চৰন বড়ো আৰু বিটিচিৰ ই এম শ্যাম চুন্ডী সদিচ্ছাতে  স্থাপিত হৈছিল এই খন মহলীয়াপাৰা  আৰ্দশ চিকিৎসালয় । কিন্তু বিটিচি প্ৰধান হাগ্ৰামা মুহিলাৰীয়ে শাসনৰ বাঘজৰী হেৰুৱাৰ পাছত ওৰাং খন্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত থকা অতি সুন্দৰ ভাবে নিৰ্মাণ কৰা চিকিৎসালয় খনৰ আন্তঃগাঁথনিৰ উন্নয়নৰ কাম ৩০ শতাংশ বাকী থকাৰ পাছতো বিধান সভা নিৰ্বাচনৰ আগে আগে কেবল ভোটৰ অংকত সস্তীয়া জনপ্ৰিয়তা বিচাৰি বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে হাগ্ৰামা মুহিলাৰী,বিধায়ক চৰন বড়ো আৰু বিটিচিৰ প্ৰাক্তন ই এম শ্যাম চুন্ডীৰ নামত মহলীয়াপাৰা আৰ্দশ চিকিৎসালয়ত থকা নাম ফলক সমুহ ভাঙি প্ৰমোদ বড়োৱে ”হাপাই আনিলে তিৰি শিয়ালে হ’ল গিৰি লেখিয়াকৈ  চিকিৎসালয়  খন উদ্বোধন কৰিলে । যদিও প্ৰকৃততে চিকিৎসালয় খনত প্ৰমোদ বড়োৱে ৰাইজক চিকিৎসা সেৱা আগবঢ়োৱাত সম্পূৰ্ণ ভাবে ব্যৰ্থ হল ।পৰবৰ্তী সময়ত  টলা উলুমি থকা চিকিৎসালয় খনত  চিকিৎসা সেৱা আগবঢ়াবলৈ ৰাইজৰ প্ৰবল দাবীত বিটিআৰ প্ৰধান গৰাকীয়ে মাজবাট টাউনত থকা ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয় খনৰ কৰ্মৰত তিনি গৰাকী  চিকিৎসক, নাৰ্চ     ফাৰ্মাচীষ্ট আৰু অন্যান কৰ্মছাৰী সকলকে কনা হাঁহক পতান দিয়া লেখিয়াকৈ মহলীয়াপাৰা আৰ্দশ চিকিৎসালয়ত  চিকিৎসা সেৱা আগবঢ়াবলৈ পৰামৰ্শ আগবঢ়াই । যদিও  নতুনকৈ চিকিৎসালয় খনত চিকিৎসক, নাৰ্চ, আল্ট্ৰা চাউণ্ড, এস্কৰে,পৰ্যাপ্ত পৰিমাণে ঔষধ অন্যান যন্ত্ৰ পাতি, সা সুবিধা প্ৰদান কৰাটো দুৰৈৰ কথা ৰোগী সকলক এটুপি খোবা পানী যোগান ধৰিবলৈ সক্ষম হোৱা নাই । চিকিৎসালয় খনত অইন ৰোগীৰ কথা নকওঁ নিশা থাকিব লগীয়া প্ৰসুতি ৰোগীৰ বাবে এটুপি পানী নাই, এটা দমকল নাই  এই খন মহলীয়াপাৰা আৰ্দশ চিকিৎসালয়ত । তদুপৰি চিকিৎসালয় খনৰ ওচৰত এখন দোকান নোহোৱাৰ বাবে   ৰোগী সকলে ঘৰৰ পৰা নাইবা   এটুপি খোবা পানীৰ বাবে প্ৰায়  দুই কিলোমিটাৰ মাজবাট টাউনৰ পৰা  পানী আনিব লগীয়া হয়।  এই ক্ষেত্ৰত ৰোগী সকলৰ লগতে কৰ্মৰত চিকিৎসক সকলে খোবা পানীৰ সমস্যা কথাটো বিৰ্ভাগীয কৰ্তৃপক্ষৰ লগতে বিটিআৰ ৪০ নং ৰৌতা পৰিষদীয় সমষ্টিৰ ই এম ড0 নিলুৎ স্বৰ্গীয়াৰী, পাচঁনৈ চেৰফাং পৰিষদীয় সমষ্টিৰ এম চি এল এ দীপক মৌৰক বাৰম্বাৰ অনুৰোধ কৰাৰ পাছতো চিকিৎসালয় খনত এটা দমকল স্থাপন কৰি  ৰোগী সকলৰ বাবে খোৱা পানীৰ ব্যৱস্থা গ্ৰহণ নকৰাটো আচাৰ্য্যজনক । ইফালে চিকিৎসালয় খনত চিকিৎসক, নাৰ্চ সকলে পুৰনি ভঙা ছিঙা চকীতে বহি চিকিৎসা সেৱা আগবঢ়াই থকা বুলি অভিযোগ উত্থাপিত হোৱাৰ লগতে চিকিৎসক,নাৰ্চ সকলৰ গৃহত আইৰন যুক্ত পানী হোবাৰ বাবেও ভীষন সমস্যাৰ সৃষ্টি হৈছে । সেয়েহে অসম অৰুনাচল সীমান্তৱৰ্তী ওদালগুৰি জিলাৰ ৭০ নং মাজবাট বিধান সভা সমষ্টিৰ মহলীয়াপাৰা আৰ্দশ চিকিৎসালয় খন উদ্ধোধন কৰিয়েই দায়িত্ব সামৰনি মৰা বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ পৰিবৰ্তে ৭০ নং মাজবাট বিধান সভা সমষ্টিৰ  বিধায়ক চৰন বড়োক খোবা পানীৰ সমস্যাৰ লগতে চিকিৎসালয় খনত ডাক্তৰ, নাৰ্চ প্ৰয়োজনীয় যন্ত্ৰ পাতি, পৰ্যাপ্ত পৰিমাণে ঔষধ পাতি যোগানৰ যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ মাজবাট বাসী ৰাইজে অনুৰোধ জনাইছে ।

Leave A Reply