Breaking

টুপামাৰীত চিকিৎসক অবিহনে চলিছে চিকিৎসালয় ! চিকিৎসক নিয়োগৰ দাবী…

0 93

টুপামাৰীত চিকিৎসক অবিহনে চলিছে চিকিৎসালয়
ৰাজ্যৰ স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ
চিকিৎসক নিয়োগৰ দাবী

ৰাজ্যত স্বাস্থ্য সেৱাৰ নামত চলিছে চৰম অৰাজকতা, ঠায়ে-ঠায়ে আটকধুনীয়াকৈ চৰকাৰে কৌটি কৌটি টকা খৰচ কৰি স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণ কৰিছে যদিও চিকিৎসাৰ বাবে নাই চিকিৎসক। কামৰূপৰ নগৰবেৰাৰ টুপামাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো তাৰে এক বাস্তৱ উদাহাৰণ। প্ৰায় ২ মাহ ধৰি টুপামাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোত নাই এজনো চিকিৎসক, চিকিৎসকৰ সলনি এজন ফাৰ্মাচীষ্টে চলাইছে স্বাস্থ্য কেন্দ্ৰটো। যাৰ বাবে অঞ্চলটোৰ প্ৰায় ৭০/৮০ হাজাৰ লোকে চিকিৎসাৰ নামত নৰক যন্ত্ৰণাত ভুগিছে।

প্ৰতিদিনে স্বাস্থ্য কেন্দ্ৰটোলৈ অহা ৰোগী সকলে বিনাচিকিৎসাই বিমূখ হৈ উভতি যাবলগীয়া হৈছে। ৰাইজে বিভাগীয় কতৃপক্ষক বহু আবেদন নিবেদন কৰাৰ পিছতো আজিলৈকে স্বাস্থ্য কেন্দ্ৰটোত নিয়োগ নকৰিলে এজনো চিকিৎসক যাৰ বাবে নিম্নতম চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈছে অঞ্চলটোৰ হাজাৰ হাজাৰ লোক।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি ১৯৯৫ চনত স্থাপিত হোৱা টুপামাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোত চিকিৎসক নিযুক্তি দিয়াৰ পিছত ৫/৬ মাহ দায়িত্ব পালন কৰাৰ পাছত ৰাস্তা-ঘাট বেয়া হোৱাৰ অভিযোগ কৰি বদলি হৈ যায়। তাৰ পিছতেই ৰোগী সকলৰ মাজত সৃষ্টি হয় হাহাকাৰ। ইয়াৰ উপৰিও স্বাস্থ্য কেন্দ্ৰটোত আছে বহু অভাৱ-অভিযোগ। শীঘ্ৰে স্বাস্থ্য কেন্দ্ৰটোত দুগৰাকীকৈ চিকিৎসক নিয়োগ কৰাৰ লগতে স্বাস্থ্য কেন্দ্ৰটোত থকা অভাৱ অভিযোগ সমুহ পূৰণ কৰাৰ দাবী জনাইছে অঞ্চলটোৰ সৰ্বসাধাৰণ ৰাইজে।

Leave A Reply