গেলেকী : সমগ্ৰ ৰাজ্য তথা শিৱসাগৰ জিলা অন্তৰ্গত নাজিৰা আৰু জয়সাগৰত অনুষ্টুপীয়াকৈ ঈদ-উল জোহাৰ ব্যাপক প্ৰস্তুতি চলিছে। ঈদ-উল জোহালৈ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী ৷ ক’ৰোনা ত্ৰাসৰ বাবে নাজিৰা, জয়সাগৰত পৱিত্ৰ ঈদ-উল জোহা অনুষ্টুপীয়াকৈ উদযাপন কৰিবলৈ প্ৰস্তুতি চলাইছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে। ঈদ উপলক্ষে গ্ৰামাঞ্চলৰ যুৱতী ও মহিলাসকলে ঘৰতে ৰং বিৰঙী পিঠা পনা বনোৱাত ব্যস্ত হৈ পৰিছে। বজাৰসমূহতো ভিৰ নাই পূৰ্বৰ দৰে৷ ঈদগাহ ময়দান আৰু মছজিদ সমূহতো পূৰ্বৰ দৰে নাই কোনো জাক জমকতা। কিয়নো চৰকাৰৰ নিৰ্দেশনা অনুসৰি ঈদগাহ নাইবা মছজিদত হ’ব নোৱাৰিব জন সমাগম। ইছলাম ধৰ্মাৱলম্বী লোকসকলে জনোৱা অনুসৰি চৰকাৰ নীতি নিৰ্দেশনাক সন্মান জনাই এইবাৰ সকলোৱে ঘৰতেই আদায় কৰিব ঈদৰ নামাজ। পূৰ্বতকৈ এইবাৰ কমিব কুৰবানীৰ সংখ্যাও। মুঠতে ৰাজ্যখনৰ মুছলমান লোকসকলে চৰকাৰৰ নীতি নিৰ্দেশনা মানি পৱিত্ৰ ঈদ-উল জোহা পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুছলমান লোকসকলৰ এনে সিদ্ধান্তই সঁচাকৈ কঢ়িয়াই আনিছে এক শুভবাৰ্তা ৷
Breaking
- বঙাইগাঁৱত আছুই দাহ কৰিলে নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি
- বিজেপি চৰকাৰে আদানী,আম্বানী আৰু অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহৰ পক্ষতহে কাম কৰি আহিছে !
- মৰিগাঁৱত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ সংবাদ মেল
- হোজাইত জিলা প্ৰশাসনৰ ভূমিহীন খিলঞ্জীয়াক ভূমি পট্টা প্ৰদান অনুষ্ঠান
- লাহোৱাল শিক্ষাখণ্ডৰ উদ্যোগত শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীৰ ক্ৰিকেট টুৰ্ণামেণ্ট সম্পন্ন
- চৰকাৰী কৰ্মচাৰীৰ বাবে গ্ৰেচুইটি প্ৰদানত চৰকাৰক কৃতজ্ঞতা এন পি এছ কৰ্মচাৰী সন্থাৰ
- মাজুলীত কংগ্ৰেছৰ চাইকেল ৰেলী
- কবি শংকুসিদ্ধ নাথৰ কাব্যগ্ৰন্থ ‘এদিন সময়বোৰ আমাৰ হ’ব’ উন্মোচন
- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণত শিৱসাগৰত দিয়া ভাষনৰ প্ৰতিক্ৰিয়া প্ৰকাশ ৰিপুন বৰাৰ
- শ্ৰীৰামপুৰত সহস্ৰাধিক বি জে পিত যোগদান