Breaking

গৰমত ঘৰৰ পোহনীয়া জন্তুবোৰ কেনেকৈ সুস্থ কৰি ৰাখিব…

0 20

ৰ’দৰ তীব্ৰতা ক্ৰমান্বয়ে বাঢ়িছে। মানুহৰ দৰে পোহনীয়া জন্তুৰো শৰীৰত পানীৰ অভাৱ হয়। গৰমত আপোনাৰ পোহনীয়া জন্তুটোক কেনেকৈ আৰামত ৰাখিব পাৰি জানেনে। গৰমৰ দিনত অধিক সংখ্যক পোহনীয়া জন্তুৰ যত্ন ল’বলগীয়া হয়। গৰমৰ দিনত সকলো সময়তে শীততাপ নিয়ন্ত্ৰিত পৰিৱেশত থাকিব বিচাৰে। ফলত সাময়িক সকাহ দিলেও শৰীৰৰ দুখ দূৰ কৰিব নোৱাৰে। দিনটোৰ বেছিভাগ সময় এচিত থাকিলে শৰীৰত পানীৰ অভাৱ হয়। মানুহৰ দৰে পোহনীয়া জন্তুৰো পানীৰ অভাৱ হয়। গৰমত পোহনীয়া জন্তুটোক কেনেকৈ আৰামত ৰাখিব পাৰি জানেনে-


১) পোহনীয়া জন্তুটোক নিয়মিতভাৱে গা ধুৱাব লাগে। প্ৰয়োজন হ’লে দিনটোত একাধিকবাৰ গা ধুৱাব পাৰি। কুকুৰটোক গা ধোৱাৰ সময়ত গা ধোৱাৰ পানীত কিছু বৰফৰ টুকুৰাও দিব পাৰে।

২) শৰীৰৰ চুলি ডাঙৰ হ’লে বেছি গৰম লাগিব, এই ধাৰণাটো একেবাৰে ভূল। বৰঞ্চ এই চুলিবোৰে শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। লগতে পোহনীয়া জন্তুৰ বাসস্থানটো এনেধৰণৰ হ’ব লাগে যাতে বায়ু চলাচল কৰিব পাৰে। গৰমৰ দিনত কুকুৰটোক তিতা টাৱেলত শুবলৈ দিব পাৰে।


৩) গ্ৰীষ্মকালত পোহনীয়া জন্তুক খুৱাই দিয়াৰ ক্ষেত্ৰত অতিৰিক্ত গুৰুত্ব দিব লাগে। অধিক পানী থকা ফল বেছিকৈ খোৱাব লাগে। তৰমুজ, আপেল আদি ফল খাব পাৰে।

৪) দিনৰ ভাগত বাহিৰত ৰ’দ থাকে। গতিকে কমকৈ বাহিৰত ফুৰাবলৈ নিব। ঘৰতে কিছু ব্যায়াম কৰাবলৈ চেষ্টা কৰিব। কিন্তু ৰ’দ হ’লেও সন্ধিয়া ফুৰিবলৈ লৈ যাব পাৰি।

৫) চিকিৎসকৰ পৰামৰ্শ মতে এই সময়ত পোহনীয়া জন্তুটোক নিয়মিতভাৱে এটা মাল্টিভিটামিন খুৱাব পাৰে। ইয়াৰ দ্বাৰা বিভিন্ন ধৰণৰ সংক্ৰমণৰ প্ৰৱণতা হ্ৰাস পাব।

Leave A Reply