Breaking

তৈলাক্ত ছালৰ বাবে ঘৰতে কিদৰে ল’ব যত্ন?

0 2,075

গ্ৰীষ্মৰ আগমনৰ লগে লগে ছালৰ বিভিন্ন সমস্যাই দেখা দিয়ে ৷ গৰমৰ দিনত তৈলাক্ত ছালৰ যত্ন বেছিকৈ ল’ব লাগে। কাৰণ গৰমত ছালখন খুব বেছি তেলেতীয়া হৈ থাকে। এনেস্থলত শালমইনাৰ সৃষ্টি হয়। নোমছিদ্ৰসমূহ ডাঙৰ হয়। ব্লেক হেডছ আদিয়ে বেছিকৈ দেখা দিয় ৷ গৰম দিনত ছালৰ তৈলাক্ত ভাব কমাবলৈ আছে কিছুমান ঘৰুৱা বিধান । দৈ আৰু নেমু ৰসৰ মিশ্ৰণ মুখত ২০ মিনিট লগাই ধুই দিব লাগে ৷ দৈ আৰু নেমু ৰসে ছালক মইশ্বাৰাইজ কৰে ৷ দৈয়ে মুখৰ উজ্বলতা বৃদ্ধি কৰে ৷ নেমু ৰসত ভিটামিন চি থাকে ৷ ভিটামিন চিয়ে ছালক অতি বেঙুনীয়া ৰশ্মিৰ পৰা হোৱা অপকাৰত বাধা দিয়ে ৷

তৈলাক্ত ছালৰ বাবে আন এটা উপকাৰী পেক হৈছে, মুলতানী মাটি, গোলাপ জল আৰু নেমু ৰসৰ মিশ্ৰণ ৷ মুলতানী মাটি তৈলাক্ত ছালৰ বাবে মহৌষধ । লগতে বেচন, দৈ আৰু নেমুৰ ৰসৰ মিশ্ৰণ ব্যৱহাৰে ছালক পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে ৷ দৈৰ সলনি এই মিশ্ৰণত গোলাপ জলো ব্যৱহাৰ কৰিব পাৰি ৷

আনহাতে মচুৰ দাইল গাখীৰত তিয়াই কোমল কৰি লৈ দাইলখিনি ভালদৰে পিহি মৌৰ লগত মিলাই মুখত ১৫-২০ মিনিট সময় লগাব লাগে ৷ এই মিশ্ৰণে ছালৰ ক’লা দাগৰ সমস্যাৰ পৰা ৰক্ষা কৰাৰ লগতে ছালৰ তৈলাক্ত ভাৱ দূৰ কৰাত সহায় কৰে ৷ গ্ৰীষ্ম কালত ছালৰ ক্লিনজিঙত গুৰুত্ব আৰোপ কৰিব লাগে ৷ তৈলাক্ত ছালৰ বাবে সদায় অইল ফ্ৰি ক্লিনজাৰ ব্যৱহাৰ কৰিব লাগে ৷

Leave A Reply