Breaking

শীতকালত ছালৰ যতন কেনেকৈ ল’ব লাগে জানো আহক…

0 107

শীতকালত ছালৰ যতন কেনেকৈ ল’ব?

  • নেমুৰ ৰস, গোলাপ জল আৰু গ্লিচাৰিণ মিহলাই প্ৰতিদিনে গা-ধোৱাৰ পিছত সানিলে ৰুক্ষ ছাল মসৃণ হৈ পৰিব।
  • চাবোনৰ সলনি মুখ ধুওঁতে বেচনহে ব্যৱহাৰ কৰিব।
  • মাজে মাজে অলিভ অইল মালিচ কৰিলে ছাল নিমজ হৈ থাকে।

  • মৌ আৰু গাখীৰৰ ৰস মিহলাই ১৫-২০ মিনিট সময় মুখত ঘঁহি ঠাণ্ডা পানীৰে ধুই পেলাওঁক।
  • মছলাযুক্ত খাদ্য খাব নালাগে। পেট পৰিষ্কাৰ থাকিলে গালত দাগ পৰাৰ সম্ভাৱনা নাথাকে।

  • ছালৰ মসৃণতা অটুট ৰাখিবলৈ জহকালিতকৈ জাৰকালি হাত ভৰিৰ ছাল একেবাৰে খহটা আৰু ৰুক্ষ হৈ পৰে। এই সমস্যাৰ পৰা হাত সাৰিবলৈ হ’লে নেমুৰ ৰস, গোলাপজল আৰু গ্লিচাৰিণ মিহলাই প্ৰতিদিনে গা-ধোৱাৰ পিছত সানিলে ৰুক্ষ ছাল মসৃণ হৈ পৰিব।

  • গোৰোহাত সদায় তেল মালিচ কৰিলে ছালখন কোমল হৈ পৰে।
  • ৰাতি শোৱা পাটিত যোৱাৰ আগতে ওঁঠযুৰিত ভেছলিন লগাই শুব লাগে। দেখিব ৰাতিপুৱা ওঁঠযুৰি কোমল হৈ পৰিছে।

লেখিকা: বৰ্ণালী দেৱী।

Leave A Reply