Breaking

বগা কাপোৰ কেনেকৈ ধুব বা বগা কাপোৰ চাফা কেনেকৈ কৰিব! বগা কাপোৰ ধোৱা কেইটামান টিপছ…

0 25

বগা কাপোৰ ভাল দেখা যায় তেতিয়ালৈকে, যেতিয়ালৈকে বগা ৰঙৰ উজ্বলতা থাকে। এনে পৰিস্থিতিত যদি আপুনি বছৰ বছৰ ধৰি পিন্ধা আপোনাৰ বগা কাপোৰ নতুন দেখাবলৈ বিচাৰে তেন্তে আজিৰ পৰাই এই পদ্ধতি অনুসৰণ কৰিবলৈ আৰম্ভ কৰক, গৰমৰ বতৰত বগা কাপোৰ পিন্ধাটোৱেই সকলোৰে পছন্দ। কিন্তু বগা ৰঙৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ’ল বগা ৰং অতি সোনকালে লেতেৰা দেখাবলৈ আৰম্ভ কৰে। কিন্তু ইয়াৰ কাৰণ সদায় কেৱল দাগ নহয়, কাপোৰ ধোৱাৰ ভুল পদ্ধতিৰ বাবেও কাপোৰৰ উজ্বলতা ম্লান হ’বলৈ আৰম্ভ কৰে। সেয়েহে আজি আমি আপোনালোকৰ বাবে লৈ আহিছো বগা কাপোৰ ধোৱাৰ কেইটামান উপায়-

বগা কাপোৰৰ জিলিকনি বজাই ৰাখিবলৈ কাপোৰ ধুওঁতে পাকঘৰত ৰখা বেকিং চোডাখিনি ডিটাৰজেন্ট পাউদাৰ লগত ভালদৰে মিহলাই লওক। যদিও বেকিং চোডা ৰন্ধা-বঢ়াৰ বাবে ব্যৱহাৰ কৰা হয়, তথাপিও ইয়াত চাফাই কামতো ব্যৱহাৰ কৰা হয়।


ছডিয়াম বাইকাৰ্বনেটক বেকিং ছ’ডা বুলি কোৱা হয়। সেইবাবে কাপোৰত দিলে কাপোৰৰ দাগ আঁতৰে সোনকালে।

বেকিং ছ’ডাৰে কাপোৰ ধোৱাৰ ফলত কোনো ধৰণৰ গোন্ধ নাথাকে কাৰণ ই পানীৰ পি এইচ লেভেল নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ইয়াৰ লগতে বগা কাপোৰৰ প্ৰাকৃতিক ব্লিচিং হয়, যাৰ বাবে কাপোৰবোৰ বগা দেখা যায়। ইয়াৰ উপৰিও ই কেৱল কাপোৰৰ পৰা দাগ আঁতৰোৱাই নহয়, কাপোৰ কোমল কৰি ৰখাতো সহায় কৰে।

বগা কাপোৰ বাল্টিত ধুওঁতে বা ৱাশ্বিং মেচিনত ধুওঁতে হওক, তাত বেকিং চোডা অতি সহজে মিহলাই ল’ব পাৰি। এনে পৰিস্থিতিত ডিটাৰজেন্টৰ লগত একৰ পৰা আধা কাপ বেকিং চোডা মিহলাই কাপোৰ পৰিষ্কাৰ কৰিব পাৰে।

Leave A Reply