HSLC Exam: আজিৰে পৰা আৰম্ভ হাইস্কুল শিক্ষান্ত পৰীক্ষা

আজিৰে পৰা আৰম্ভ হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষা।(HSLC Exam)

মুঠ ৯৪৪ টা পৰীক্ষা কেন্দ্ৰত অৱতীৰ্ণ হ’ব ৪ লাখ ২৯ হাজাৰ ৪৪৮ পৰীক্ষাৰ্থী।

সামাজিক মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষাৰ্থীসকলক জনালে শুভেচ্ছা।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দক্ষিণ শালমাৰা শিক্ষা খণ্ডৰ অন্তৰ্গত ফকিৰগঞ্জত অৱস্থিত হামিদাবাদ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষাকেন্দ্ৰত ১২ খন বিদ্যালয়ৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছে ১১৪৪ পৰীক্ষাৰ্থী, ফকিৰগঞ্জৰ হামিদাবাদ‌ পৰীক্ষা কেন্দ্ৰতো পৰীক্ষা দিবলৈ আহিছে শ শ পৰীক্ষাৰ্থী৷ সৰুৰে পৰা মনত পুহি ৰখা আশাবোৰ যেন পূৰণ হ’ব৷ ইফালে পৰীক্ষাকেন্দ্ৰত যাতে কোনো অপ্ৰীতিকাৰ ঘটনা সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে আৰক্ষী প্ৰশাসন৷ ইফালে পৰীক্ষাৰ্থী সকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি অভিনন্দন জনাইছে শিক্ষক সমাজ তথা বিভিন্ন দল-সংগঠনে৷

Related Articles