Breaking

ভাৰতীয় এথেলেটিকচ ফেডাৰেচনৰ উপ-সভাপতিৰ আসনত প্ৰথমজন অসমীয়া লক্ষ্য কোঁৱৰ, মাৰ্ঘেৰিটাত ১০০ টা দল-সংগঠনৰ সম্বৰ্ধনা

0 49

দৈনন্দিন বাৰ্তাৰ সেৱা, তিনিচুকীয়াঃ প্ৰতিভা আৰু যোগ্যতাক কোনেও বাধা দি ৰাখিব নোৱাৰে এইকথা পুনৰ এবাৰ প্ৰমাণিত হল। মাৰ্ঘেৰিটাৰ সুযোগ্য সন্তান তথা অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ নিৰ্বাচিত হৈছে ভাৰতীয় এথেলেকিটচ ফেডাৰেচনৰ উপ-সভাপতিৰ পদত৷ ভাৰতীয় এথেলেকিটচ ফেডাৰেচনৰ উপ-সভাপতিৰ ৰূপে মনোনিত হোৱা লক্ষ্য কোঁৱৰ হৈছে প্ৰথমজন অসমীয়া৷

শাৰদীয় দূৰ্গোৎসৱৰ মাজতে এই খবৰে কোঁৱৰৰ জন্মস্থান মাৰ্ঘেৰিটাত আনন্দৰ বন্যা বোৱা দেখিবলৈ পোৱা গৈছে৷ মাৰ্ঘেৰিটাৰ ব্লক কনফাৰেঞ্চ প্ৰেক্ষাগৃহত আজি তেখেতৰ গুনমুগ্ধসকলে  ৰাজহুৱাকৈ তেখেতক অভিনন্দন জ্ঞাপন কৰে৷ অঞ্চলটোৰ ৫ টাকৈ যুৱ সংঘই অনুষ্ঠিত কৰা এই ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানৰ সভাপতিত্ব কৰে বিজেপি অ বি চি মৰ্চা মাৰ্ঘেৰিটাৰ সভাপতি কৃষ্ণ শইকীয়াই৷

উক্ত সভাত তিনি শতাধিকৰো অধিক লোকৰ উপস্থিতিত সমষ্টিটোৰ বিভিন্ন স্থানৰ পৰা অহা ১০০ টা দল সংগঠন, অনুষ্ঠানে লক্ষ্য কোঁৱৰক ফুলাম গামোচা, চেলেং চাদৰ, শৰাই, সম্বৰ্ধনা পত্ৰ, ফুলৰ থোপা আদিৰে অভিনন্দন জ্ঞাপন কৰে৷ তেখেতক অভিনন্দন জ্ঞাপন কৰা দল সংগঠনসমূহৰ ভিতৰত অন্যতম আছিল সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, তাই আহোম ছাত্ৰ সন্থা,  বিভিন্ন জাতি জনগোষ্ঠীয় সংগঠন, বিজেপি অ বি চি মৰ্চা, কিশান মৰ্চা, মহিলা মৰ্চা, বৃহত্তৰ মাৰ্ঘেৰিটা সাংবাদিক সমাজ, মাৰ্ঘেৰিটা সাংবাদিক সন্থা, বিভিন্ন যুৱ সংঘ, ক্ৰীড়া সংঘ, ক্লাব আদি।

মন কৰিব লগীয়া যে, মাৰ্ঘেৰিটাৰ এখন অখ্যাত গাৱৰ পৰা ওলাই গৈ তাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিৰ আসন অলংকৃত কৰিবলৈ সক্ষ্যম হোৱা লক্ষ্য কোৱৰে ২০১৬ চনত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে৷ ইয়াৰ পিছতে তেও ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যান বিভাগৰ সদস্য সচিবৰ দায়িত্ব লাভ কৰে৷ পৰবৰ্তী সময়ত অসম অলিম্পিক সন্থাৰ সম্পাদকৰ দায়িত্বও লাভ কৰে৷

কিছুদিনৰ আগতে ৰাজ্যিক বিজেপিৰ ‘মুখপাত্ৰ’ৰ দায়িত্ব লাভ কৰিবলৈ সক্ষম হোৱা লক্ষ্য কোঁৱৰ এইবাৰ ভাৰতীয় এথেলেটিকচ ফেডাৰেচনৰ উপ-সভাপতিৰূপে নিৰ্বাচিত হোৱাটো মাৰ্ঘেৰিটাৰ লগতে ৰাজ্যৰ বাবে এক সুখবৰ।

Leave A Reply