Breaking

দেৰগাঁৱত প্ৰকাণ্ড অজগৰ উদ্ধাৰ

0 66

দেৰগাঁও নেঘেৰিটিং কালি মন্দিৰ সমীপৰ পুৰণি বাংল’ৰ ওপৰৰ চিলিঙত আৱদ্ধ হৈ থকা অৱস্থাত উদ্ধাৰ হয় এডাল প্ৰকাণ্ড অজগৰ।

অঞ্চলটোৰ স্থানীয় লোকসকলে খবৰ দিয়াত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ অজগৰডাল উদ্ধাৰ কৰি বিভাগৰ কাৰ্যালয়লৈ লৈ যায়।

উদ্ধাৰ হোৱা প্ৰায় ১৫ ফুট দৈৰ্ঘ্য আৰু প্ৰায় ২০ কিলোগ্ৰাম ওজনৰ অজগৰডাল চাবলৈ উপস্থিত হয় অসংখ্য স্থানীয় ৰাইজ।

পাছত দেৰগাঁও খণ্ড বন বিষয়া গোলাপ সোনোৱালৰ পৰ্যবেক্ষণত অজগৰডাল নামবৰ সংৰক্ষিত বনাঞ্চলত এৰি দিয়াৰ কথা জানিবলৈ দিয়ে।

-দিব্য জ্যোতি কাকতি, ৰঙামাটি

Leave A Reply