Breaking

পৰ্বতঝোৰা বন সংমণ্ডলৰ গভীৰ বনাঞ্চলত কাঠফলা মিল সহ বৃহৎ পৰিমাণৰ কাঠ জব্দ…

0 24

বনমন্ত্ৰী পৰিমল শুক্লবৈদ ডাঙৰীয়া। আপোনাৰ বন বিভাগ ৰক্ষা পৰিব নে বন ধ্বংসকাৰীৰ কৱলৰ পৰা ? দিনে নিশাই বনাঞ্চলৰ পৰা পৈণত – অপৈণত গছ -গছনি কাটি তহলিং কৰি আহিছে বনাঞ্চল। কিন্তু পৰ্বতঝোৰা বনসংমণ্ডলৰ বনকৰ্মীয়ে ৰহস্য জনক বাবে আটক কৰিব পৰা নাই কোনো এজন চোৰাং কাৰবাৰীক।

পৰ্বতঝোৰা বনসংমণ্ডলৰ তুলসীবিল আৰক্ষী চকীৰ এলেকাধীন ফুল কুমাৰীৰ গভীৰ বনাঞ্চলত অভিযান চলাই কাঠফলা মিল সহ বৃহৎ পৰিমাণৰ কাঠৰ কুণ্ডা জব্দ কৰে বনকৰ্মীয়ে। এনেদৰে শাৰী শাৰী পৰি আছে শ শ কাঠৰ কুণ্ডা। বনকৰ্মী সকলে গমেই নাপায় নে চোৰাং কাৰবাৰীৰ চোৰাং কাৰবাৰৰ কথা ? এনেদৰে শ শ গছ – গছনি কাটিলে এদিন নিঃশেষ হৈ পৰিব পৰ্বতঝোৰা বনাঞ্চল।

বনমন্ত্ৰী পৰিমল শুক্লবৈদ আৰু বি টি আৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া পৰ্বতঝোৰা বনাঞ্চল খন ৰক্ষা কৰক। নহলে ধ্বংসৰ গৰাহ লৈ গতি কৰিব বনাঞ্চল খন। জব্দকৃত কাঠফলা মিল আৰু কাঠৰ বিষয়ে বনকৰ্মীয়ে কি কলে শুনো আহক।

গৌৰীপুৰৰ পৰা ছামচুল হক।

Leave A Reply