Breaking

বৰপেটা আৰক্ষী আৰু তাৰাবাৰী আৰক্ষীৰ বৃহৎ সফলতা

0 2,021

গোপন সূত্ৰৰ পম খেদি মঙ্গলবাৰে তাৰাবাৰী থানাৰ অন্তৰ্গত বাটগাঁওত ড্ৰাগছ সৰবৰাহৰ সম্ভেদ পায় আৰক্ষীয়ে অভিযান চলাই প্রসেনজিত দাসৰ ঘৰত অবৈধ কফ চিৰাফ আৰু নিচাজাতিয় টেবলেট জব্দ কৰিবলৈ সক্ষম হয়।বৰপেটা আৰক্ষী আৰু তাৰাবাৰী আৰক্ষী সহযোগত জব্দ কৰা ২৮৮০ বটল বৃহৎ পৰিমাণৰ কফ চিৰাফ, ১৬,২৭২ টা এছ পি টেবলেট,১০৫০০ টা নিট্ৰজেনপাম টেবলেট , ২২,৫০০ টকা নগদ ধন লগতে ড্ৰাগছ সৰবৰাহ কৰা সৰুগাড়ী আৰু এখন বাইক জব্দ কৰে। এই অবৈধ ড্ৰাগছখিনি বঙাইগাঁও পৰা বৰপেটা থানাৰ অন্তৰ্গত নগাওঁৰ এখন ফাৰ্মাচীলৈ লৈ আনিছিল। কিন্তু আৰক্ষী পিছত লাগি থকা বুলি সম্ভেদ পাই বাটগাঁওৰ প্ৰসেনজিত দাসৰ ঘৰত নমাই থকা অৱস্থাত উক্ত ড্ৰাগছ খিনি জব্দ কৰে। এই সংক্ৰান্তত দুজন ব্যক্তিক সোধ পোচৰ বাবে আটক কৰে। ইতিমধ্যে প্ৰসেজিত দাসে পলাই যাবলৈ সক্ষম হয়। ঘটনা সংক্ৰান্তত তাৰাবাৰী আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

Leave A Reply