Breaking

মাটিৰ পট্টা, জনজাতিকৰণ, মজুৰি বৃদ্ধিৰ দাবীত চাহ মজদুৰ সংঘৰ মানৱ শৃংখল

0 1,276

টিংখাং : অসম চাহ মজদুৰ সংঘৰ আহ্বানত নাহৰকটীয়া শাখাৰ অন্তৰ্গত টিংখাং, ৰাজগড় অঞ্চলৰ সকলোবোৰ চাহ বাগিচাত চাহ জনগোষ্ঠীক জনজাতিকৰণ, মাটিৰ পট্টা আৰু দৈনিক মজুৰি বৃদ্ধিৰ দাবীত কালি মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে। চাহ বাগিচাৰ কামৰ অন্তত শ্ৰমিক সকলে বাগিচাসমূহত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি চৰকাৰক অতিশীঘ্ৰে দাবীসমূহ পূৰণ কৰিবলৈ আহ্বান জনাইছে। চাহ শ্ৰমিকৰ মানৱ শৃংখল কাৰ্যসূচীত চাহ মজদুৰ সংঘৰ বিষয় ববীয়াৰ লগতে বহুকেইটা চাহ জনগোষ্ঠীয় সংগঠনৰ নেতৃবৃন্দই অংশ গ্ৰহণ কৰি চাহ শ্ৰমিকৰ প্ৰাপ্য শীঘ্ৰে প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনাইছে। ৰাজ্যৰ সমাগত নিৰ্বাচনৰ প্ৰাক্‌ মুহুৰ্তত চাহ বাগিচা শ্ৰমিকৰ মাজত আৰম্ভ হোৱা বিদ্ৰোহে শাসকীয় ভাৰতীয় জনতা পাৰ্টিক বাৰুকৈয়ে বিপাঙত পেলাইছে। বিশেষকৈ চাহ বাগিচা অধ্যুষিত সমষ্টিবিলাকত আৰম্ভ হোৱাৰ শ্ৰমিক বিদ্ৰোহে ৰাজ্যৰ ৰাজনীতিত এক নতুন সমীকৰণ আৰম্ভ হোৱা পৰিলক্ষিত হৈছে।

Leave A Reply