Breaking

যোৰহাটৰ ৰাজপথত অনাই বনাই ঘূৰি ফুৰা গীটাৰিষ্ট পিকু মালাকাৰক চিকিৎসাৰ বাবে আগবাঢ়ি আহিল হিউমেন ৱেলফেয়াৰ ছচাইটি

0 2,088

যোৰহাটৰ ৰাজপথত অনাই বনাই  ঘূৰি ফুৰা ৯০ দশকৰ এজন  সংগীত শিল্পী। নাম পিকু মালাকাৰ। ইতিমধ্যে শিল্পী জনৰ ছবি ছছিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগে পৰিচয় ওলাল তেওঁৰ। এসময়ত জুবিন গাৰ্গৰ সৈতে একেলগে সংগীত পৰিবেশন কৰা শিল্পী তেওঁ।
মানসিক ৰোগত আক্ৰান্ত হৈ বহুদিন ধৰি যোৰহাটৰ ৰাজপথত অনাই বনাই  ঘূৰি ফুৰিছিল পিকু মালাকাৰে ৷ ইতিমধ্যে যোৰহাট নগৰৰ পৰা পিকু মালাকাৰক উদ্ধাৰ কৰি অনা হয় নাজিৰাৰ হাতীপটিস্থিত হিউমেন ৱেলফেয়াৰ ছচাইটিৰ জ্যোতিগৃহলৈ ৷

নাজিৰাৰ এই স্বেচ্ছাসেৱী সংগঠনটোৱে চিকিৎসাৰ দায়িত্ব ল’লে পিকু মালাকাৰৰ।

হিউমেন ৱেলফেয়াৰ ছচাইটিৰ মানসিক ৰোগী পুনঃসংস্থাপন কেন্দ্ৰ জ্যোতিগৃহত বৰ্তমান ৰখা হৈছে পিকু মালাকাৰক ৷ সময়ৰ গতিত সামাজিক জীৱনৰ পৰা প্ৰায় বিচ্ছিন্ন হোৱা অসমৰ যুৱপ্ৰজন্মৰ হাৰ্ট থব জুবিন গাৰ্গৰ সৈতে কেইবাটাও গীত গোৱা, ৯০ দশকৰ এজন প্ৰবীণ শিল্পী, গীটাৰিষ্ট পিকু মালাকাৰৰ এতিয়া নতুন ঠিকনা নাজিৰা৷

নাজিৰা হাতীপটীৰ জ্যোতিগৃহলৈ অহাৰ পিছতে পিকু মালাকাৰৰ হাতত তুলি দিয়া হ’ল এখন গীটাৰ ৷ গীটাৰখন হাতত লৈ যেন নষ্টালজিক হৈ পৰিল পিকু মালাকাৰ ৷ পিকু মালাকাৰৰ গীটাৰত ভাহি আহিল বহুকেইটা পুৰণি গীত ৷সংবাদ মাধ্যম, জুবিন ফ্রেইণ্ডছ ক্লাৱৰ সদস্য আৰু জুবিন গাৰ্গেও পিকু মালাকাৰক সহায়ৰ বাবে জনাইছিল আহ্বান৷যোৱা কালিলৈকে যোৰহাটৰ  কে বি ৰ’ডত ঘুৰি ফুৰা মানসিক ভাৰসাম্য হেৰুৱা পিকু মালাকাৰক চিকিৎসাৰ বাবে আগবাঢ়ি আহে হিউমেন ৱেলফেয়াৰ ছচাইটিৰ তত্বাৱধায়ক নাছেৰ খান ৷ জুবিন ফ্রেইণ্ডছ ক্লাব, যোৰহাট, যোৰহাটৰ প্ৰবীণ শিল্পী সমাজ, সাংবাদিক আৰু যোৰহাটৰ সচেতন ব্যক্তিৰ স্বাক্ষৰিত এখন আবেদনৰ ভিত্তিত শিল্পী পিকু মালাকাৰক যোৰহাটৰ পৰা নাজিৰাৰ হাতীপটিস্থিত জ্যোতিগৃহলৈ লৈ অনা হয়।

Leave A Reply