Breaking

কৰ’নাৰ দুৰ্য্যোগৰ সময়তো অব্যাহত ৰাখিছে সামাজিক দায়বদ্ধতা হিউমেন ৱেলফেয়াৰ ছ’চাইটিৰ : জ্যোতি গৃহত মানসিক ৰোগীয়ে প্ৰস্তুত কৰি উলিয়াইছে মাস্ক

0 65

নাজিৰা

সমগ্ৰ বিশ্বত ক’ৰ’ণাই মহামাৰী ৰূপ ধাৰণৰ ফলত হোৱা লকডাউনৰ সময়ছোৱাত চৰকাৰী বিষয়া, আৰক্ষী প্ৰশাসনৰ সমান্তৰালকৈ নাজিৰস্থিত অসমৰ বিভিন্ন জিলাত মানসিক ৰোগী সেৱা আগবঢ়াই অহা উজনি অসমৰ এক অন্যতম স্বেচ্ছাসেৱী সংগঠন হিউমেন ৱেলফেয়াৰ ছ’চাইটিয়ে অব্যাহত ৰাখিছে সামাজিক দায়বদ্ধতা। লকডাউনৰ সময়ছোৱাত আন-আন সমস্যৰ মাজত মানসিক ৰোগীসকলৰ ঘৰে ঘৰে ঔষধ যোগান ধৰাৰ উপৰি উন্মাদ ৰোগীৰ চিকিৎসা সেৱা অব্যাহত ৰাখিছে এই সংগঠনটোয়ে। উল্লেখযোগ্য যে সংগঠনটোৱে চৰকাৰী কোনো অনুদান নোহোৱাকৈ বিগত চৌধতা বছৰে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা পাঁচ শতাধিকৰো অধিক মানসিক ৰোগীক উদ্ধাৰ কৰি চিকিৎসা কৰাই সুস্থ কৰিবলৈ সক্ষম হৈছে। অনুষ্ঠানটোৰ জন্মদাতা আৰুব সঞ্চালক নাছেৰ খানৰ একক প্ৰচেষ্টাত গঢ়লৈ উঠা এই সংগঠনতটিৰ তত্বাৱধানত “জ্যোতি” নামেৰে মহিলা মানসিক ৰোগী পুনৰসংস্থাপন কেন্দ্ৰ খোলা হৈছে য’ত অসমৰ বিভিন্ন প্ৰান্তৰ ৩৪ গৰাকী মহিলা মানসিক ৰোগীক বিভিন্ন কৰ্মত ব্যস্ত ৰাখি এক সুস্থ পৰিৱেশৰ মাজত চিকিৎসা অব্যাহত ৰাখিছে। লকডাউনৰ সময়ছোৱাত এই কেন্দ্ৰটোত ক’ৰ’ণাৰ পৰা নিজকে সুৰক্ষিত কৰি ৰাখিবলে আবাসীসকলে নিজে প্ৰস্তুত কৰি উলিয়াইছে মাস্ক আৰু এই লকডাউনৰ সময়ছোৱাত নিজে ব্যৱহাৰ কৰাৰ লগতে আবাসী সকলৰ খবৰ ল’বলৈ জ্যোতিগৃহলৈ অহা অতিথি সকলকো তেওঁসকলে প্ৰদান কৰিছে একোখনকৈ মাস্ক। অসমৰ বিভিন্ন প্ৰান্তৰ পদপথত অনাই বনাই ঘূৰি ফুৰা মানসিক ৰোগীক উদ্ধাৰ কৰি আনি সুস্থ কৰি তেওঁলোকক স্বাৱলম্বী কৰাৰ এনে প্ৰয়াস বিৰল। 

Leave A Reply