Breaking

সমাজত মানৱতা এতিয়াও হেৰাই যোৱা নাই! নিৰাশ্ৰয় ব্যক্তিক আশ্ৰয় দিলে মঙ্গলদৈৰ নিৰিবিলি বৃদ্ধা আৱাসে

0 104

মানুহে মানুহৰ বাবে এই বাক্যশাৰীৰ প্ৰতি পুনৰবাৰ আকৰ্ষিত কৰিলে বিনয় শৰ্মাই।নিৰাশ্ৰয় ব্যক্তিক আশ্ৰয় দিলে মঙ্গলদৈৰ নিৰিবিলি বৃদ্ধা আৱাসে। মানুহে মানুহৰ বাবে এই বাক্যশাৰীৰ প্ৰতি পুনৰবাৰ আকৰ্ষিত কৰিলে দৰং জিলাৰ মঙ্গলদৈৰ ভেৱাৰঘাটত অৱস্থিত নিৰিবিলি বৃদ্ধা আৱাসৰ সম্পাদক বিনয় শৰ্মাই । সমাজত চলি থকা ভেদাভেদ ; অসূয়াৰ মাজতে মানৱতাৰ জয়ধ্বজা উৰুৱাই পুনৰবাৰ সমাজৰ এগৰাকী অসহায় নিৰাশ্ৰয় বৃদ্ধাৰ কাষত থিয় দিলে মানৱ দৰদী বিনয় শৰ্মাই ৷ বিভিন্ন কাৰণত পুত্ৰ-বোৱাৰীৰ মৰমৰ পৰা বঞ্চিত কিম্বা অসহায় লোকৰ কাষত সদায়ে থিয় দি থকা বিনয় শৰ্মাই এনে লোকৰ কল্যানৰ বাবে উন্নয়ন মঞ্চ নামৰ বেচৰকাৰী সন্থাৰ দ্বাৰা পৰিচালিত মঙ্গলদৈত স্থাপন কৰা নিৰিবিলি বৃদ্ধা আৱাসলৈ আদৰিলে ওদালগুৰি জিলাৰ ডিমাকুছি আৰক্ষী থানৰ অন্তৰ্গত ২ নং বৰঙ্গাজুলি (ৰজাগড়) ৰ আন এগৰাকী অসহায় বৃদ্ধ ব্যক্তিক ৷

২ নং বৰঙ্গাজুলিত বহু দিন ধৰি অকলশৰে ৰাস্তা-ঘাটে অ’ত-ত’ত অনাই-বনাই নিৰাশ্ৰয়তাত ভুগি ফুৰিছিল মদন চন্দ্ৰ দাস নামৰ ব্যক্তিজনে । এইগৰাকী নিৰাশ্ৰয় অসহায় বৃদ্ধাক পদুম কলিতা নামৰ লোকজনে প্ৰায় ২ সপ্তাহ ধৰি আশ্ৰয় দি মানৱতাৰ নিদৰ্শন দাঙি ধৰিলে । অৱশেষত খগেন কলিতা আৰু আইজনী কলিতা নামৰ এহাল দম্পতিয়ে স্থানীয় সংবাদকৰ্মী , দল-সংগঠন তথা ৰাইজৰ সহযোগত National Helpline for Senior citizens 14567. ত যোগাযোগ কৰি জীৱনৰ অন্তিম সময়ত ব্যক্তি গৰাকীক সহায়ৰ হাত আগবঢ়ায় । National Helpline for Senior citizens সন্থাটোৰ বিষয়ববীয়া পংকজ বৰদলৈ আৰু নিতুমণি তালুকদাৰে ততাতয়াকৈ ডিমাকুছি আৰক্ষী থানা , স্থানীয় সংবাদকৰ্মী , দল-সংগঠন, ৰাইজৰ সহযোগত মঙ্গলদৈৰ নিৰিবিলি বৃদ্ধাশ্ৰমত চমজায় দিয়ে । সম্পূৰ্ণ বিনামূলীয়া বৃদ্ধা আশ্ৰমখনত আশ্ৰয় দিয়াত এতিয়া মদন চন্দ্ৰ দাস নামৰ ব্যক্তি গৰাকীয়ে জীৱনৰ নিৰাপত্তা লাভ কৰাত এতিয়া স্বস্তিৰ নিশ্বাস এৰিছে স্থানীয় লোকসকলে ৷

বৃহস্পতিবাৰে মঙ্গলদৈৰ উন্নয়ন মঞ্চ নামৰ বেচৰকাৰী সন্থাৰ দ্বাৰা পৰিচালিত নিৰিবিলি বৃদ্ধা আৱাসত আজীৱন পৰ্যন্ত সম্পূৰ্ণ ভৰণ-পোষনৰ দায়িত্ব দি ব্যক্তিজনৰ স্বাস্থ্য পৰীক্ষাকে ধৰি সকলো ধৰণৰ দায়িত্ব অৰ্পন কৰে আৱাসৰ সম্পাদক বিনয় শৰ্মাক । স্থানীয় ৰাইজ আৰু ডিমাকুছি আৰক্ষীৰ সহযোগত বৃদ্ধা গৰাকীক মঙ্গলদৈৰ নিৰিবিলি বৃদ্ধাশ্ৰমত আশ্ৰয় দিয়াৰ প্ৰতিশ্ৰুতিৰ লগতে সকলোকে ধন্যবাদ জ্ঞাপন কৰে আৱাসৰ সম্পাদক বিনয় শৰ্মাই ।


Leave A Reply