Breaking

বিশেষ বিমান যোগে বহিঃৰাজ্যৰ পৰা গেলেকী তৈলক্ষেত্ৰলৈ অ’এনজিচিৰ এশ বিষয়া : অসম আগমনৰ পূৰ্বে দুজনৰ দেহত ক’ভিড-১৯ পজিটিভ পোৱাৰ অভিযোগ

0 56

নাজিৰা

যোৱা ১৭ মে’ত দিল্লী ফেৰৎ আব্দুল ছামিম আখতাৰ নামৰ এজন ছাত্ৰৰ দেহত ক’ভিড-১৯ পজিটিভ পোৱাৰ পাছত শিৱসাগৰ জিলাৰ প্ৰথমজন ক’ৰোনা ৰোগীক লৈ সমগ্ৰ জিলাখনৰ লগতে নাজিৰা মহকুমাবাসী আতংকিত হৈ থকাৰ সময়তে অহা ২২ মে’ত এক বিশেষ বিমান যোগে অ’ এন জি চি অসম সম্পদৰ অধীনৰ গেলেকী তৈলক্ষেত্ৰলৈ বহিঃৰাজ্যৰ পৰা প্ৰায় শতাধিক বিষয়া আগমন ঘটাকলৈ পুনৰ শিৱসাগৰ জিলা তথা নাজিৰা মহকুমাবাসীক  আতংকিত কৰি তুলিছে। দিল্লী, মুম্বাই, গুজৰাট আদি ক’ৰোনা আক্ৰান্ত ৰাজ্যৰ পৰা অহা অ’ এন জি চিৰ এই বিষয়াসকলৰ গেলেকীত উপস্হিতিয়ে নাজিৰা মহকমাবাসীৰ লগতে গেলেকীবাসীক চিন্তিত কৰি তুলিছে। ইফালে বহিঃৰাজ্য ফেৰৎ এই বিষয়াসকলক লৈ শংকিত হৈ পৰা বহু থলুৱা বিষয়া-কৰ্মচাৰীয়ে এতিয়া কৰ্মক্ষেত্ৰ ত্যাগ কৰিবলৈ চেষ্টা কৰাও অভিযোগ উঠিছে। আনহাতে এই বিষয়াসকলক গেলেকী ডি এছ এ কলনীত হোম কুৱাৰেণ্টাইনৰ ব্যৱস্থা কৰাত ক্ষুন্ন হৈ পৰিছে নিগমৰ গেলেকী তৈলক্ষেত্ৰৰ কৰ্মচাৰীসকলৰ লগতে গেলেকীবাসী সাধাৰণ ৰাইজ। উল্লেখ্যে যে অ’ এন জি চি গেলেকী তৈলক্ষেত্ৰত জি জি এছ-১,জি জি এছ-২ জি জি এছ-৩, চি টি এফ আৰু খনন আৰু উৎপাদন ৰীগত ‘অনঅফ’ ভিত্তিত বহিঃৰাজ্য গুজৰাট, মহাৰাষ্ট্ৰ, তামিলনাডু আদি ৰাজ্যৰ বহু বিষয়া কৰ্মৰত হৈ আছে। প্ৰথম লকডাউনৰ পূৰ্বে নিজ ৰাজ্যলৈ যোৱা এইসকল বিষয়াই এতিয়া চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ সময়ত কেন্দ্ৰীয় চৰকাৰে কিছু শিথিলতা প্ৰৱৰ্তন কৰাত বিষয়াসকলক পুনৰ কৰ্মক্ষেত্ৰ লৈ উভতাই অনাৰ বাবে অ’ এন জি চি কৰ্তৃপক্ষই পদক্ষেপ গ্ৰহণ কৰিছে।যাৰবাবে অ’ এন জি চিয়ে ২২মে’ত এক বিশেষ চাৰ্টাৰদ বিমানযোগে এই বিষয়াসকলক ডিব্ৰুগড় বিমান বন্দৰত অৱতৰণ কৰোৱাৰ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ পাছত এই বিষয়াসকলক নিগম কৰ্তৃপক্ষই পোনে পোনে গেলেকী তৈলক্ষেত্ৰৰ ডি এছ এ কলনীলৈ আনি হোম কুৱাৰেণ্টাইনৰ ব্যৱস্হা কৰিছে আৰু ইয়াৰ পাছতহে বিষয়াসকলক কৰ্মত যোগদানৰ ব্যৱস্হা কৰিব। কিন্তু অসম আগমনৰ পূৰ্বেই এইসকল বিষয়াৰ ভিতৰৰে গুজৰাটৰ দুজন বিষয়াৰ দেহত ক’ভিড-১৯ পজিটিভ পোৱা বুলি অভিযোগ উঠিছে। ইফালে এই খবৰ বনজুইৰ দৰে নাজিৰা মহকুমা তথা গেলেকীবাসী ৰাইজৰ মাজত বিয়পি পৰাত আতংকিত হৈ পৰিছ নিগমৰ গেলেকী তৈলক্ষেত্ৰৰ কৰ্মচাৰীসকলৰ লগতে গেলেকীৰ সৰ্বসাধাৰণ ৰাইজ। জানিব পৰা মতে ইতিমধ্যে নিগমৰ বহু থলুৱা কৰ্মচাৰীয়ে বহিঃৰাজ্য ফেৰৎ এইসকল কৰ্মচাৰীয়ে গেলেকীত পদাৰ্পণ কৰাৰ পূৰ্বে কৰ্মস্হলীৰ পৰা পলায়ন কৰাৰো অভিযোগ উঠিছে।কিয়নো শিৱসাগৰ জিলাৰ সীমান্তবৰ্তী আৰু চাহ বাগিচা অধ্যুষিত গেলেকীৰ সৰ্বসাধাৰণ ৰাইজ এই কৰ’না মহামাৰীৰ ক্ষেত্ৰত বিশেষ সচেতন নহয়। এই বিষয়াসকল গেলেকী আহি পোৱাৰ পাছত ক’ৰোনা সংক্ৰমিত হ’লে সীমান্তঅঞ্চলটোত এক অ-নিয়ন্ত্ৰিত পৰিস্হিতিৰ সূষ্টি হোৱাৰ আশংকা নুই কৰিব নোৱাৰি।সেয়েহে অ’ এন জি চি গেলেকী তৈলক্ষেত্ৰৰ বহু কৰ্মচাৰীৰ লগতে গেলেকী সাধাৰণ ৰাইজে বহিঃৰাজ্য ফেৰৎ এইসকল বিষয়াক অসমলৈ অনাত আপত্তি নাই যদিও এইসকল বিষয়াক ডিব্ৰুগড়ত বিমানৰ পৰা নমাৰ পাছতে ডিব্ৰুগড়তে হোম কুৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা কৰিবৰ বাবে শিৱসাগৰ জিলা প্ৰশাসন আৰু অ’ এন জি চি কৰ্তৃপক্ষক দাবী জনাইছে৷

Leave A Reply