Breaking

মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ উপস্থিতিত ইছলামপুৰত শতাধিক ব্যক্তিৰ বিজেপিত যোগদান

0 1,379

গুৱাহাটী : পূৱ গুৱাহাটী সমষ্টিৰ অন্তৰ্গত ইছলামপুৰত দেওবাৰে অনুষ্ঠিত হোৱা বিজেপিৰ এক সাংগঠনিক সভাত বিভিন্ন স্তৰৰ প্ৰায় শতাধিক ব্যক্তিয়ে বিজেপিত যোগদান কৰে ৷ পূৱ গুৱাহাটী মণ্ডল বিজেপিয়ে আয়োজন কৰা সভাখনত স্হানীয় বিধায়ক তথা গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য উপস্থিত থাকে ৷ মন্ত্ৰীগৰাকীৰ উপস্থিতিত বৃহত্তৰ ইছলামপুৰৰ প্ৰায় শতাধিক ব্যক্তিয়ে আনুষ্ঠানিকভাবে বিজেপি দলত যোগদান কৰে ৷ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ উন্নয়ন মুলক কাম-কাজক লৈ যথেষ্ট সন্তুষ্টি লাভ কৰাৰ লগতে স্হানীয় বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই বিগত সময়চোৱাত ইছলামপুৰ অঞ্চলত যথেষ্ট উন্নয়নমূলক কাম কৰাৰ বাবেই বিজেপিক প্ৰতি তেওঁলোকে আকৃষ্ট হৈ যোগদান কৰাৰ কথা উল্লেখ কৰে ৷ এই ক্ষেত্ৰত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই নিজ সমষ্টিৰ ইছলামপুৰত এনেদৰে বিজেপি দলত যোগদান কৰাৰ বাবেই প্ৰতিগৰাকী ব্যক্তিলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে ৷ লগতে তেওঁ যোগদান কৰা প্ৰতিগৰাকী বিজেপি সদস্যক আগন্তুক দিনত নিষ্ঠা সহকাৰে দলৰ হৈ কাম কৰি যাবলৈ আহ্বান জনায় ৷ ইছলামপুৰ অঞ্চলৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত তেওঁ প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি উল্লেখ কৰে৷ উল্লেখ্য যে পূৱ গুৱাহাটী মণ্ডল বিজেপি আয়োজন কৰা সভাখনত মণ্ডল সমিতিৰ বিষয়ববীয়াৰ লগতে বুথ সভাপতিসহ ভালেসংখ্যক সদস্য উপস্থিত থাকে।

Leave A Reply