Breaking

আম আদমী পাৰ্টীৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত শিৱসাগৰত অনুষ্ঠিত যোগদান সমাৰোহত শতাধিক নতুন সদস্যৰ যোগদান আপত

0 1,070

শিৱসাগৰ নগৰৰ এ টি ৰোডৰ কাষৰ বাৰুৱাৰী সাংস্কৃতিক কেন্দ্ৰত অনুষ্ঠিত যোগদান সমাৰোহত নতুন সদস্য সকলক দলটোৰ টুপী আৰু প্ৰতীক প্ৰদান কৰি দলটোৰ মজিয়ালৈ আদৰণি জনোৱা হয়।অনুষ্ঠানত দলটোৰ ৰাজ্যিক যুটীয়া সমন্বয়ক লক্ষ্মীকান্ত ডুবে উপস্থিত থাকে আৰু দলটোৰ প্ৰতি জনসাধাৰণৰ আস্থা ক্ৰমশঃ বৃদ্ধি পোৱা বুলি প্ৰকাশ কৰে।দিল্লী আৰু পঞ্জাৱত ৰাইজৰ মন জয় কৰি চৰকাৰ গঠন কৰা দলটো অসমত শেহতীয়াকৈ এক বিকল্প ৰাজনৈতিক শক্তি ৰূপে ৰাইজে স্বীকৃতি দিয়া বুলি ডুবেই প্ৰকাশ কৰে।কামৰ ৰাজনীতি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা দলটোৱে শিক্ষা, স্বাস্থ্য আদিকে ধৰি বুনিয়াদী খণ্ডত দিল্লীত যি দৰে অভূতপূৰ্ব পৰিৱৰ্তনৰ সূচনা কৰিছে সেই একে পৰিবৰ্তন ৰাইজে অসমতো পাব বুলি ডুবেই প্ৰকাশ কৰে।

আজিৰ যোগদান সমাৰোহত জিলা খনৰ বহু সংখ্যক ছাত্ৰ নেতা,ব্যৱসায়ী আদিয়ে দলটোত যোগদান কৰে।শিৱসাগৰ নগৰৰ কাৰ্যসূচীৰ পাছতে দলটোৱে অনুৰূপ যোগদান কাৰ্যসূচী ডিমৌ আৰু নাজিৰাত আয়োজন কৰে।।

Leave A Reply