Breaking

হত্যাকাৰী মনেশ্বৰ ৰায়ৰ ফাঁচি বিচাৰি শতাধিক মহিলাৰ প্ৰতিবাদ

0 144

বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত জাউবাৰীত শতাধিক মহিলাই মদ বন্ধ কৰাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। মহিলাসকলে চুলাই মদ তৈয়াৰ কৰা আৰু মদ বিক্ৰী কৰা পৰিয়ালৰ ঘৰত গৈ মদ বিক্ৰী বন্ধ কৰাৰ অনুৰোধ জনায়। যদি মহিলাসকলৰ দাবী মানি নলয় তেন্তে আইনী ব্যৱস্থা হাতত লব বুলি সকীয়ণি দিয়ে ।দেৱব্ৰত পাটগিৰিক মদ খাই মনেশ্বৰ ৰায়ে হত্যা কৰাৰ বাবে ওলাই আহিল মহিলাসকলে।


আহহৈ আহ ওলাই আহ, মদ বিক্ৰী বন্ধ কৰক, মহিলাসকলৰ দাবী মানি লওঁক, হত্যাকাৰী মনেশ্বৰ ৰায়ক ফাঁচি দিয়ক, দোষীক কঠোৰ শাস্তি দিয়ক আদি শ্লোগান দিয়ে । বোৱাৰী জীয়ৰীৰ লগতে ওলাই আহিল বৃদ্ধা। মহিলাসকলৰ এই কাৰ্য্যক সকলোৱে প্ৰশংসা কৰিছে।

কোকিলাৰ পৰা জেহেৰুল ইছলাম

Leave A Reply