Breaking

চাৰিবাৰ ফলাফল নিগেটিভ : পঞ্চমবাৰ ফলাফল অহাৰ আগতেই হাইদৰাবাদত ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু সহকাৰী উপ পৰিদৰ্শকৰ

0 1,250

দৈনন্দিন বাৰ্তা ডেস্ক :

ক’ৰোনা ভাইৰাছ সংক্ৰমণে ভয়াৱহ ৰূপ লৈছে হাইদৰাবাদত ৷ যোৱা শুকুৰবাৰে ক’ভিড-১৯ত আক্ৰান্ত হৈ এজন সহকাৰী উপ পৰিদৰ্শকৰ হাইদৰাবাদত মৃত্যু হয় ৷ তেওঁ চাৰিবাৰ ক’ৰোনা ভাইৰাছৰ পৰীক্ষা কৰাৰ পাছত প্ৰতিবাৰতে নিগেটিভ পায়৷ কিন্তু পঞ্চমবাৰ পৰীক্ষা কৰাৰ কিছু সময়ৰ পাছতে তেওঁৰ মৃত্যু হয় ৷ যোৱা মাহত সহকাৰী উপ পৰিদৰ্শকজনে চাৰিবাৰকৈ পৰীক্ষা কৰাৰ পাছত তেওঁ ভাইৰাছত আক্ৰান্ত হৈছে বুলি জানিব পৰা নাছিল৷ কিন্তু শ্বাসপ্ৰশ্বাসজনিত আৰু ক’ভিড-১৯ৰ উপসৰ্গ দেখাত তেওঁক চিকিৎসালয়ত ভৰ্ত্তি কৰে৷ অৱশেষত যোৱা শুকুৰবাৰে তেওঁৰ মৃত্যু হয়৷ উল্লেখ্য যে চিকিৎসালয়ত ভৰ্ত্তি কৰাৰ পাছত তেওঁৰ ক’ভিড-১৯ পৰীক্ষা কৰা হয়৷ তেতিয়াও ফলাফল নিগেটিভ আহে ৷ কিন্তু পঞ্চম তথা চূড়ান্ত পৰীক্ষাৰ ফলাফল অহাৰ আগতেই তেওঁৰ মৃত্যু হয়৷ ইয়াৰ পাছতে ৰাজ্যখনত তেলেংগানা চৰকাৰে দিয়া কিটবোৰকলৈ বিভিন্ন প্ৰশ্নৰ উদয় হৈছে৷ উল্লেখ্য যে হাইদৰাবাদ হ’ল তেলেংগানাৰ সৰ্বাধিক আক্ৰান্ত এলেকা ৷ এতিয়ালৈকে তেলেংগানাত ৪৮৭৮০ জন লোক ক’ৰোনাত আক্ৰান্ত হৈছে ৷ তাৰে ২৮৭০০ লোক সুস্থ হৈছে৷ আনহাতে মৃত্যুৰ মুখত পৰিছে ৪০৯ জন৷ শনিবাৰৰ দিনা ক’ভিড-১৯ত নতুনকৈ ১২৮৪জন লোক আক্ৰান্ত হয়৷ শনিবাৰৰ দিনা ক’ৰোনাত আক্ৰান্ত হৈ ৰাজ্যখনত পাঁচজন লোকৰ মৃত্যু হয় ৷ 

Leave A Reply