Breaking

বিধায়ক হৈছোঁ বুলি সংগ্ৰাম এৰি দিয়া নাই। শিৱসাগৰলৈ যোৱাৰ বাটত অখিল গগৈৰ মন্তব্য

0 2,015

প্ৰায় ডেৰ বছৰ ধৰি কাৰাবন্দী হৈ থকাৰ পাছত অৱশেষত কাৰাবান্দী জীৱনৰ অৱসান ঘটাই  বৃহস্পতি বাৰে মুকলি আকাশৰ তললৈ আহিল শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। বিধায়ক অখিল গগৈয়ে শুকুৰবাৰে নিজ সমষ্টিলৈ যোৱাৰ পথত নগাঁৱৰ কৃষ্ণাইখাট আৰু ৰহাত অখিল গগৈৰ সমৰ্থকে উষ্ম আদৰণি জনায়।

বিধায়ক অখিল গগৈয়ে  বিজেপি চৰকাৰক হুংকাৰ প্ৰদান কৰি কয়, “বিধায়ক হৈছোঁ বুলি সংগ্ৰাম এৰি দিয়া নাই। অসমৰ ৰাইজক কেতিয়াও বিশ্বাসঘাটকতা নকৰোঁ। টোল গেট আৰু নদীবান্ধৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ হ’ব। উপ-নিৰ্বাচনত ৰাইজৰ দলে তিনিওটা সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰিব।”

“অসমত পুনৰ ‘কা’ (CAA) আন্দোলন হ’ব। ‘কা’ আন্দোলনৰ নামত একাংশ জাতীয় সংগঠনে অসমৰ ৰাইজক প্ৰতাৰণা কৰিলে” বুলিও কয় অখিল গগৈয়ে।পুৱাৰে পৰা ৰহা আৰু কৃষ্ণাইখাটত  ৰাইজৰ দল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য লগতে  শ শ লোকে হাতে হাতে গামোচা লৈ অখিল গগৈলৈ অপেক্ষা কৰি আছিল আৰু বিধায়কজন আহি পোৱাৰ লগে লগে তেওঁক আদৰণি জনায়।  “মিকিৰ বামুণীৰ থলুৱাৰ ভূমি কেতিয়াও উচ্ছেদ কৰিব দিয়া নহ’ব।  থলুৱাৰ সুৰক্ষাৰ স্বাৰ্থত কোনো আপোচ কৰা নহ’ব আৰু বিধান সভাত সজোৰে প্ৰশ্ন তুলিব” বুলি উল্লেখ কৰে।

Leave A Reply