Breaking

কবিতাহে লিখিছোঁ অপৰাধ কৰা নাই। মুকলি আকাশৰ তলত বৰ্ষাশ্ৰী বুঢ়াগোহাঁই…

0 184

বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিছিল বৰ্ষাশ্ৰীৰ। অৱশেষত মুকলি আকাশৰ তললৈ আহিল ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ (Sedition Case)ত গ্ৰেপ্তাৰ হোৱা বৰ্ষাশ্ৰী বুঢ়াগোহাঁই (Barshasri Buragohain)। বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে (Gauhati High Court) জামিন মঞ্জুৰ কৰিছিল বৰ্ষাশ্ৰীৰ ৷

 গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে ধনশিৰি মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত আজি জামিননামা দাখিল কৰা হয় ৷ বৰ্ষাশ্ৰীৰ জামিননামা দাখিল কৰিবলৈ সৰুপথাৰত উপস্থিত হয় বৰ্ষাশ্ৰীৰ পিতৃ-মাতৃ ৷ বৰ্ষাশ্ৰীৰ উচ্চ ন্যায়ালয়ৰ জামিন নামা গ্ৰাহ্য কৰে ধনশিৰি মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতে ৷ জামিননামা গ্ৰাহ্য হোৱাৰ লগে লগে মুকলি আকাশৰ তললৈ আহিল বৰ্ষাশ্ৰী ৷

উল্লেখ্য যে সামাজিক মাধ্যমত ৰাষ্ট্ৰদ্ৰোহ কৰিম বুলি লিখা পোষ্টৰ বাবে ১৮ মে’ত গ্ৰেপ্তাৰ কৰা হৈছিল বৰ্ষাশ্ৰী শদিয়াখোৱা বুঢ়াগোহাঁইক।উল্লেখ্য যে মুকলি আকাশৰ তললৈ আহি অসমবাসীক আৰু সংবাদমাধ্যমক কৃতজ্ঞতা জনায় ছাত্ৰীগৰাকীয়ে।

Leave A Reply