Breaking

মনত পৰে ৰং-বিৰঙী গ্ৰেটিংছ কাৰ্ডবোৰলৈ

0 132

মনত পৰিছে এটি আপুৰুগীয়া নান্দনিকতালৈ, ধৰাধামত ডিচেম্বৰ মাহে প্ৰবেশ কৰাৰ লগে লগেই ইজনে সিজনক আপোন জনক অতিকৈ প্ৰিয় জনক ইংৰাজী নতুন বছৰৰ শুভেচ্ছা জনাবলৈ স্থানীয় দোকানত শাৰী পাতে লানি লানিকৈ ওলমাই ৰখা ৰং-বিৰঙী গ্ৰেটিংছ কাৰ্ড কিনিব লৈ……! তাতে হৃদয়ৰ ভাষাৰে সজোৱা অনুভৱবোৰ লিপিবদ্ধ কৰি ডাক যোগে বা অন্য মাধ্যমেৰে প্ৰেৰণ কৰে এজনে আনজনলৈ।

তাত আছিল গভীৰ আবেগ ভৰা অনুভূতিৰ মধুৰ গুঞ্জন। এতিয়া প্ৰযুক্তিৰ উত্তৰণে সমাধি দিলে সেই মিঠা সুবাসবোৰ! ( অৱশ্যে এপাচি শাকত এটা জালুকৰ দৰে অ’ত ত’ত বৰ্তি আছে) ম’বাইলত একছেকেণ্ড বা তাতোধিক অলপ সময় আৰু ওঁঠৰ কঁপনি তুলি দুটি বা এটি বাক্যই কাঢ়ি ললে সেই সোণসেৰীয়া অপেক্ষাৰ অনুৰণিত ক্ষণবোৰ। এতিয়া যে ডাকোৱাল জনলৈ কোনেও বাট চায় নাথাকে আৰু সেই বিশেষ বেগটো চাইকেলত লৈ ডাকোৱাল জনো নাযায় পদূলিয়ে পদূলিয়ে , বন্ধ খামৰ ভিতৰত থকা খমখমিয়া ৰঙীন গ্ৰেটিংছ কাৰ্ড বিলাবলৈ ।

আজি লুপ্ত প্ৰায় সেই ৰং বিৰঙী গ্ৰেটিংছ কাৰ্ডৰ শাৰীবোৰ , ত্ৰেতাৰ সেই খোজবোৰ ! সময়ৰ সোঁতত হেৰাই গ’ল সেই মাদকতাপূৰ্ণ আমেজবোৰ , (এতিয়া খুউব কম পৰিমাণে হয়তো প্ৰচলিত) ডিচেম্বৰ মাহ আহিলেই মনত পৰে সেই মিঠা স্মৃতি বোৰলৈ । বন্ধু বান্ধৱী, আত্মীয় সকললৈ ইংৰাজী নতুন বছৰৰ শুভেচ্ছা জনাই লিখা সেই নিভাজ মৰমৰ সৰু সৰু আখৰৰ শাৰীবোৰলৈ।

অসমীয়া সমাজত বহাগ মাহটো হে নতুন বছৰৰ প্ৰথম মাহ আৰু নৱবৰ্ষৰ উদযাপনৰ দিন ধাৰ্য্য হ’লেও পৰম্পৰাগত ভাবে প্ৰতি অসমীয়াই ইংৰাজী নৱবৰ্ষৰ উদযাপনৰ ক্ষেত্ৰতো সদায়ে সমানে আগ্ৰহ দেখুৱায় আহিছে। এতিয়া মাথোঁ সময়ৰ সোঁতত প্ৰযুক্তিৰ উত্তৰণে সলনি কৰিছে কিছু পুৰণি সুবাস।

সেই কুসুম বুলীয়া সুবাসবোৰে কেতিয়াবা সঁচাকৈয়ে হৃদয়ত তোলপাৰ নকৰে নে বাৰু ? আজুৰি আনিবলৈ মন নাযায় নে বাৰু ৰঙীন মধুৰ অতীত বোৰ!? য’ত বয়সৰ সীমাবদ্ধতা নাছিল, আছিল মাথোঁ মান্যনুসৰি সন্মান আৰু মৰম সনা এমুঠি মিঠা অভিবাদন অভিনন্দন। পুৰণিক তেজি নতুনক আদৰি লোৱাৰ প্ৰস্তূতিৰ এক শুভ বাৰ্তা।

-দিপ্তী মনি গোস্বামী

Leave A Reply