Breaking

আইডিয়া মবাইল নেটৱৰ্কিং কোম্পানী বন্ধ !

0 84

নগাঁও পৰা এ জে আকন্দ‌

” আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল”- এই আপ্ত বাক্য শাৰি প্ৰযোজ্য হৈছে আইডিয়া নামৰ মবাইল নেটৱৰ্কিং কোম্পানীৰ ক্ষেত্ৰত। “আইডিয়া” কোম্পানীৰ ছীম ব্যৱহাৰ কৰা সৰ্বসাধাৰণ গ্ৰাহকে সম্প্ৰতি জলাকলা খাইছে। এই কোম্পানীটোৰ অধীনত থকা গ্ৰাহক সকলে বিচৰা মতে নাপায় নেটৱৰ্ক। কল কৰিলেই প্ৰায় সংযোগ বিছিন্ন হৈ পৰা বুলি অভিযোগ সৰ্বত্ৰ উঠিছে গ্ৰাম্যঞ্চলতো বাদেই নগৰ-চহৰতো একেবাৰে নাপায় মবাইল নেটৱৰ্কিং টাৱাৰ। মুলতঃ এই কোম্পানীটোৰ দুৰ্বল নেটৱৰ্কৰ বাবে এইদৰে গ্ৰাহক সকলে মবাইলৰ জৰিয়তে কথা পতাৰ লগতে ইনটাৰনেট সেৱাৰ ক্ষেত্ৰত চৰম সমস্যাৰ সন্মুখীন হৈছে। জানিব পৰা মতে, এই কোম্পানীটোয়ে গ্ৰাহকৰ সংখ্যা অনুসৰি ঠায়ে ঠায়ে টাৱাৰ সংস্থাপন নকৰাৰ বাবেই নেটৱৰ্কিং সেৱাত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে।  এইদৰে সৰ্বসাধাৰণ গ্ৰাহকক দীৰ্ঘদিন ধৰি ৰামঠগন দি কোটি কোটি টকাৰ লুন্ঠন চলোৱাৰ অভিযোগ উঠিছে কোম্পানীটোৰ বিৰুদ্ধে। কোম্পানীটোৰ এনে দায়িত্বজ্ঞানহীন কাণ্ডৰ বাবে ইতিমধ্যে হাজাৰ হাজাৰ গ্ৰাহকে অন্য কোম্পানীলৈ নিজৰ মবাইল নম্বৰটো ৰূপান্তৰ কৰিছে। শেহতীয়াকৈ ৰূপান্তৰ কৰাৰ এই প্ৰক্ৰিয়াত গ্ৰাহকৰ লানি নিচিগা সুত বোৱা বুলি জানিব পৰা গৈছে। ইপিনে, কোটি কোটি টকাৰ ব্যৱসায় কৰা এই কোম্পানীটোৱে গ্ৰাহকৰ পৰা সংগ্ৰহ কৰা ধন ঘুৰাই দিবনে ? নে এইদৰে দুৰ্বল নেটৰ্কৰ জৰিয়তে চলি থাকিব কোম্পানীটো। বৰ্তমানলৈকে আইডিয়া নামৰ এই মবাইল নেটৱৰ্কিং কোম্পানী বন্ধ হ’ব নেকি ? এই লৈয়ো একাংশ গ্ৰাহকৰ মাজত চৰ্চিত চলিছে। আনহাতে, কোম্পানীটোৰ দায়িত্বহীনতা অব্যাহত থাকিলে কোম্পানীটো নিজে নিজেই বন্ধ হৈ পৰিব বুলি আশংকা কৰা হৈছে। গ্ৰাহকক ৰামঠগন দি অহা এই কোম্পানীটোৰ বিৰুদ্ধে চৰকাৰে বিহিত ব্যৱস্থা লবনে ? অন্যহাতে, নগাঁৱৰ একাংশ গ্ৰাহকে এই কোম্পানীটোৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহনৰ বাবে চৰকাৰক দাবী জনাইছে।

Leave A Reply