Breaking

এবছৰে ঠিকাদাৰী প্ৰতিষ্ঠানে নিৰ্মাণ সম্পূৰ্ণ নকৰিলে নগাঁৱৰ মৰিকলঙৰ পকী নলা ৷ জিলা উপায়ুক্তৰ প্ৰত্যক্ষ হস্তক্ষেপ দাৱী স্থানীয় ৰাইজৰ ।

0 517

নগাঁও :

 নগাঁও জিলাৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অংশত বৰঘাট-মৰিকলং নগাঁও চহৰ সংযোগী পথৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নগাঁও কলেজ পুলিচ পইন্টৰ পৰা মৰিকলং প্ৰগতি সংঘ ও পুথিভঁৰাল প্ৰৰ্যন্ত অংশৰ পথ সম্প্ৰসাৰণৰ পিছত দুয়োটা গুৰুত্বপূৰ্ণ পথ বৰ্তমান পথচাৰি সকলৰ বাবে আৰু অধিক বিপদজনক ৰূপেহে পৰিগণিত হৈছে ৷
গড়কাপ্তানি বিভাগৰ নগাঁও ৰাজ্যিক পথ সংমণ্ডলে বিগত ২০১৬-১৭ বৰ্ষৰ চি আৰ এফ শিতানৰ ধনৰে নগাঁও চহৰৰ মাজেৰে পাৰহৈ যোৱা ৩৭ আৰু ৩৬ নং ৰাষ্ট্ৰীয় ঘাই পথচোৱাৰ তিনিটা অংশ ক্ৰমে নগাঁও কলেজ পুলিচ পইন্টৰ পৰা বৰঘাট, নগাঁও কলেজ পুলিচ পইন্টৰ পৰা উৰিয়াগাঁও আৰু নগাঁও কলেজ পুলিচ পইন্টৰ পৰা ডিমৌ পথছোৱাৰ উন্নীতকৰণ আৰু সম্প্ৰসাৰণৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। উল্লেখ্যযে,নগাঁও কলেজ পইন্টৰ পৰা উৰিয়াগাঁও বাইপাছ চ’ক পৰ্যন্ত ৬.৬৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱাৰ বাবে অনুমোদন জনোৱা হৈছিল ১৭ কোটি ২১ লাখ ৮২ হেজাৰ টকা, নগাঁও কলেজ পইন্টৰ পৰা বৰঘাট চ’ক পৰ্যন্ত ৫.১৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱাৰ বাবে ১১ কোটি ৫২ লাখ ৭৩ হেজাৰ টকা আৰু নগাঁও কলেজ পুলিচ পইন্টৰ পৰা ডিমৌ বাইপাচলৈ (চাৰিলেনযুক্ত) ১০.৮০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱাৰো উন্নীতকৰণ আৰু সম্প্ৰসাৰণৰ বাবে একেটা আঁচনিৰ অধীণত ৩৮ কোটি ৪৪ লাখ ৩৯ হেজাৰ টকা আবন্টন দিয়া হৈছিল। বিগত ২০১৭ বৰ্ষৰ ২০ নৱেম্বৰত এই কামৰ আধাৰশিলা স্থাপন কৰিছিল তেতিয়াৰ কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোঁহাইয়ে। কাম কেইটাৰ ঠিকা লাভ কৰিছিল ক্ৰমে-বিমল কুমাৰ আগৰৱালা,ইউ চি এন কনষ্ট্ৰাকচন আৰু ৰাম অৱতাৰ আগৰৱালাই । সেই কাম সম্পূৰ্ণ কৰাৰ নিৰ্ধাৰিত তাৰিখ আছিল ৬-৫-২০১৯ আৰু ২৬-৬-২০১৯ ।প্ৰাককলন অনুসৰি, আটাই কেইটা পথৰেই উন্নীতকৰণৰ লগতে দুয়ো কাষত পকী নলা নিৰ্মাণ আৰু পথৰ কাষত চি চি ব্লক বহুৱাই পথ কেইটা ৰাইজৰ সুবিধাৰ বাবে মুকলি কৰি দিব লাগিছিল ৷ আবন্টিত টকাৰ পৰাই নগাঁও কলেজ পুলিচ পইন্টৰ পৰা বৰঘাটলৈ পথছোৱাত তিনিটা বক্স কাৰ্লভাৰ্ট আৰু পকী নলা নিৰ্মাণৰ বাবদ ২ কোটি ৬ লাখ টকা,নগাঁও কলেজ পুলিচ পইন্টৰ পৰা উৰিয়াগাঁও পথৰ পকী নলা নিৰ্মাণৰ বাবে ৫.৮৬ কোটি কোটি টকা আৰু নগাঁও কলেজ পুলিচ পইন্টৰ পৰা ডিমৌলৈ পথছোৱাত পকী নলা নিৰ্মাণৰ বাবে ১০ কোটি টকা আবন্টন দিয়া হৈছিল। ইতিমধ্যে পথকেইটাৰ  উন্নীতকৰণৰ কাম প্ৰায় ৭০-৮০ শতংশ সম্পূৰ্ণ হৈছে যদিও ঠায়ে ঠায়ে চাইডবাম আৰু নলা নিৰ্মাণৰ কাম এতিয়াও বহু পৰিমাণে বাকী আছে। ঠিকাদাৰ গোষ্ঠীৰ মইমতালিৰ বাবেই গড়কাপ্তানি বিভাগে নিৰ্ধাৰণ কৰি দিয়া সময় উকলি যোৱা আজি এবছৰৰ পাছতো পথ কেইটাৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা নাই ৰাইজৰ যাত্ৰায়তৰ সুবিধাৰ বাবে ৷ ইপিনে, পথ কেইটাৰ দুকাষে যি পকী নলা নিৰ্মাণ কৰা হৈছে সেইয়া অতি নিম্নমানদণ্ডৰ হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ তুলিছে। ফলত এই নলাই পানী বহন কৰিব পৰা ক্ষমতা যথেষ্ঠ কম হ’ব বুলিও ৰাইজে মন্তব্য কৰিছে। উল্লেখ্য যে, নগাঁও কলেজ পুলিছ পইন্টৰ পৰা মৰিকলং প্ৰগতি সংঘ ও পুথিভঁৰাল পৰ্যন্ত পথচোবাৰ পকী নলাৰ প্ৰায় ডেৰশ ফোট অংশৰ কাম মৰিকলঙস্থিত বিজেপি কাৰ্যালয় পোবাৰ আগতে মৰিকলং নিৱাসী তথা নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ ৰাজহ বিভাগৰ অৱসৰপ্ৰাপ্ত উচ্চ বৰ্গৰ সহায়ীকা পদ্মা মেধী শইকীয়া আৰু এজন চৰকাৰী শিক্ষক ডিপুল ডেকাৰ নিজ মইমতালি তথা আকোৰগোঁজৰ বাবে আজি পৰ্যন্ত সম্পূৰ্ণ হোবা নাই ৷ স্থানীয় প্ৰতিবেশী ৰাইজৰ অভিযোগ যে, এই দুইগৰাকী ব্যক্তিয়ে নিজ মইমতালি আৰু খেয়ালখুচি মতে চৰকাৰী মাটিৰ ৰাষ্ট্ৰীয় পথলৈকে নিজৰ গাড়ীৰ গেৰেজ,দুমহলীয়া ঘৰ তথা বাওনদেৰীৰ ওৱাল পকী কৰণেৰে বছৰ বছৰ দিন ধৰি অধিগ্ৰহণ কৰি আহিছিল ৷ কিন্তু চৰকাৰী বিভাগে পথচোবা বহল তথা পকী নলা নিৰ্মাণৰ বাবে কাম আৰম্ভ কৰাৰ  সময়তে লাগিল লেঠা ৷ পথ আৰু নলাৰ কাম লাভ কৰা ঠিকাদাৰী প্ৰতিষ্ঠানে কাম কৰিবলৈ আহি  কেইবাবাৰো উভতি যাব লগাত পৰিছে মইমতালি তথা আকোৰগোঁজকাৰী ভদ্ৰতাৰ মুখাপিন্ধা এইদুই আৱাসীৰ পৰা ৷ কিয়নো, তেওঁলোকে বিভিন্ন উজুহাত দেখুৱাই কাম কৰিবলৈ অহা ঠিকাদাৰী প্ৰতিষ্ঠানক ৰাষ্ট্ৰীয় পথৰ চৰকাৰী মাটিত অৱস্থিত হৈ থকা পকী ওৱাল,গাড়ীৰ গেৰেজ আৰু দুমহলীয়া পকী ঘৰৰ বেৰ আদি ভাঙিবলৈ কোনো প্ৰকাৰে অনুমতি নিদিয়ে ৷ আনকি,তেওঁলোকে এইক্ষেত্ৰত নগাঁও ৰাজহ বিভাগক ৰাষ্ট্ৰীয় পথৰ মাটিত থকা তেওঁলোকৰ পকী ওৱাল,গাড়ীৰ গেৰেজ আৰু দুমহলীয়া ঘৰৰ কোনো অংশ নাভাঙিবলৈ বহুবাৰ আবেদন নিবেদন কৰি ঠিকাদাৰী প্ৰতিষ্ঠানক কাম বন্ধ কৰি অঞ্চলবাসীক তীব্ৰ হাৰাশাস্তি সন্মুখত পেলোবাৰ গুৰুত্বৰ অভিযোগ উঠিচে ৷ এইক্ষেত্ৰত নগাঁৱৰ ৰাজহ বিভাগৰ মণ্ডল,কানাগু তথা পৌৰ সভাৰ অভিযন্তা-বিষয়া,ঠিকাদাৰী প্ৰতিষ্ঠানৰ অভিযন্তা-বিষয়া আদি বাৰম্বাৰ আহি পথচোবাৰ উক্ত অংশত চৰকাৰী হিচাপত যিমান পৰিমানৰ মাটি আছে তাত বিভাগৰ তৰফৰ পৰা বিভাগীয় ৰঙা চিহ্নৰ লগতে কাৰ্যালয়ৰ তথ্য নম্বৰ দিয়াৰ পিছতো ঠিকাদাৰী প্ৰতিষ্ঠানটোক আজি পৰ্যন্ত এইদুই ভদ্ৰতাৰ মুখাধাৰী আৱাসীয়ে পথচোবা অৰ্ধ নিৰ্মীত প্ৰায় ডেৰশ ফোট নলাৰ লগতে পথৰ কাম কৰিবলৈ কোনো প্ৰকাৰে অনুমতি প্ৰদান কৰা নাই ৷ প্ৰতিবেশী আৱাসী সকলৰ অভিযোগ এই যে, ঠিকাদাৰী প্ৰতিষ্ঠানে  মৰিকলংৰ মাত্ৰ এই ডেৰশ ফোট অংশৰ নলা আজি এবছৰে পকী নকৰাৰ বাবে এজাক বৰষুণতে আৱাসী সকলৰ গৃহত নলাৰ দূৰ্গন্ধময় লেতেৰা পানী প্ৰৱেশ কৰি চুতালৰ লগতে ঘৰৰ ভিতৰ উপচি পৰে ৷ অৰ্ধনিৰ্মিত এই ডেৰশ ফোট নলাত আজি দিৰ্ঘদিন ধৰি মহদাহে কণী পৰাৰ ফলত অঞ্চলৰ আৱাসী সকলৰ ঘৰৰ ভিৰতে বাহিৰে মহদাহৰ উৎপাত বৃদ্ধি পাইছে ৷ সন্ধিয়া সময়ত নিজৰ নিজৰ পদুলিত এখন্তেক ৰও বুলিও আৱাসী সকল ৰখিব নোবাৰা অৱস্থাৰ সন্মূখীন হৈছে ৷ সেয়ে, অতিশীৰ্ঘে এই ডেৰশ ফোট অৰ্ধনিৰ্মিত নলাৰ লগতে অৰ্ধ নিৰ্মিত পথৰ অংশ নিৰ্মাণ কৰি অঞ্চল বাসীৰ লগতে পদপথটিৰে ৰাইজৰ যাত্ৰায়ত সুবিধা কৰিবৰ বাবে জিলা উপায়ুক্তৰ প্ৰত্যক্ষ হস্তক্ষেপ দাৱী কৰিছে প্ৰতিবেশী অঞ্চল বাসীয়ে ৷ আনহাতে, বহুকেইগৰাকী স্থানীয় সচেতন ব্যক্তিয়ে পথটোৰ কাষতে থকা বিদ্যুতৰ খুঁটা সমূহৰ ক্ষেত্ৰত কয়,”পথৰ দাঁতিত থকা বিদ্যুত খুঁটা বোৰ পথ সম্প্ৰসাৰণৰ পাছত পথৰ প্ৰায় মাজত পৰাত প্ৰতি পদে পদে পথচাৰিৰ বাবে অতিকৈ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। এই বিদ্যুৎ খুঁটা বোৰ বৰ্তমানৰ পথৰ কাষলৈ স্থানান্তৰ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক দাবী জনাইছো । যাতে উক্ত পথছোবাত অনাগত দিনত এনে কোনো ভয়ংকৰ দূৰ্ঘটনাত সংঘটিত নহয়”৷

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে, তেনেহ’লে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে।

Leave A Reply