Breaking

“ফুচকা খাবলৈ মন গ’লে বয়স ক’বই লাগিব! নহ’লে ফুচকা দিয়া নহ’ব…”

0 94

ফুচকা খাবলৈ মন হ’লে বয়নটো ক’বই লাগিব। নহ’লে ফুচকা দিয়া নহ’ব। শেহতীয়াকৈ ফুচকাৱালাৰ এনে এটা ভিডিঅ’ ভাইৰেল হৈছে। অৱশ্যে ডি বি নিউজে ভিডিঅ’টোৰ সত্যতা পৰীক্ষা কৰা নাই।

ফুচকাৱালাৰ ঘোষণা, নাবালকক দিয়া নহ’ব ফুচকা। ডাঙৰ আখৰেৰে লিখি ৰাখিছে ১৮ বছৰৰ তলৰ কোনো লোকক তেওঁৰ ঠেলাখনৰ ওচৰলৈ আহিবলৈ দিয়া নহয়। গ্ৰাহকে ফুচকা খোৱাৰ আগতে বয়স ক’ব লাগিব। কেৱল সেয়াই নহয়, কেৱল পুৰুষ গ্ৰাহককহে বিক্ৰী কৰা হ’ব ফুচকা। কোনো মহিলা গ্ৰাহকক বিক্ৰী কৰা নহ’ব ফুচকা। এই কথা ঠেলাখনত স্পষ্টকৈ লিখা আছে।

এজন ফুড ব্লগাৰে সেই ফুচকাৱালাৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছিল। তেতিয়াৰ পৰাই সেই ফুচকাৱালা ভাইৰেল হৈ পৰিল। ব্লগাৰজনে ধেমালিতে ফুচকাৱালাক সুধিলে, গতিকে ফুচকা খাব বিচাৰিলে আধাৰ কাৰ্ড লৈ আহিব লাগিব? ফুচকোৱাল্লাই হাঁহি এটা মাৰি মান্তি হ’ল।

এই ভিডিঅ’টো পোষ্ট কৰিছে ‘Food Unlock Official’ নামৰ ইনষ্টাগ্ৰাম একাউণ্টে। ফুচকাৱালাক লৈ ক্ষোভিত নেটিজেন। বহুতে ফুচৱালা বৰ্জনৰ আহ্বান জনাইছে। বহুতে আকৌ ক’লে, “এনে ফুচকা নাখালে ভাল।”

Leave A Reply