Breaking

ইটাখোলাত হিন্দু-মুছলমানে একেলগে কৰিলে ইফতাৰ….

0 125

এতি‌য়া ৰমজান মাহ ইছলাম ধৰ্মালম্বী লোকসকলে এই পবিত্ৰ মাহটোত ধৰ্মীয় পৰম্পৰা মতে ৰমজান মাহৰ প্ৰথম দিনটোৰ পৰাই ব্ৰতত থাকি দিনটোৰ সূৰ্যাস্ত আৰু সূৰ্যোদয় হোৱাৰ আগ মূহুৰ্তত আহাৰ গ্ৰহণ কৰাক প্ৰচলিত ধৰ্মীয় অনুসৰি ইফতাৰ বুলি প্ৰচলিত হৈ আহিছে। ইয়াৰ উপৰিও ইছলাম ধৰ্মীয় লোকৰ সমাজৰ বিভিন্ন বৰ্গৰ লোকক একত্ৰিত কৰি ইফতাৰৰ আয়োজন কৰে।

তাৰেই অংশ হিচাপে বিশ্বনাথ জিলাৰ ইটাখোলাত কালি সন্ধিয়া ইফতাৰীৰ সময়ত চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰাৰ বিশেষ তৎপৰতাত আৰু ইটাখোলা অঞ্চলৰ কেইবাটাও দল সংগঠনৰ নেতৃই বৃহত্তৰ ইটাখোলাত অঞ্চলটোৰ ইছলাম ধৰ্মালম্বীলোক সকলৰ পবিত্ৰ ৰমজান‌ মাহ উপলক্ষে কালি সন্ধিয়াৰ বিশেষ ইফতাৰ পাৰ্টিৰ আয়োজন কৰা হয় ।

উক্ত ইফতাৰৰ অনুষ্ঠানত অঞ্চলটোৰ সকলো শ্ৰেণীৰ লোকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। বিভিন্ন জাতি -জনগোষ্ঠীৰ মিলন ভূমি হিচাপে খ্যাত ইটাখোলাত আয়োজন কৰা বিশেষ এই ইফতাৰ পাৰ্টিয়ে হিন্দু -মুছলমানৰ মাজৰ সমন্বয়ৰ এক বিশেষ বাৰ্তা ৰাজ্যখনৰ সকলো শ্ৰেণীৰ ৰাইজলৈ কঢ়িয়াই আনিব‌ বুলি  উক্ত ইফতাৰ অনুষ্ঠানত উপস্থিত ৰাইজে মন্তব্য কৰিছে।

Leave A Reply