Breaking

চিচিবৰগাঁও মৌজাৰ মৌজাদাৰ, সমাজকৰ্মী লক্ষীধৰ বৰা দেউৰীৰ ইহলীলা সম্বৰণ ! বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনৰ শোক প্ৰকাশ…

0 12

বৃহত্তৰ চিচিবৰগাঁও অঞ্চলৰ এজন বিশিষ্ট সমাজকৰ্মী, চিচিবৰগাঁও মৌজাৰ মৌজাদাৰ লক্ষীধৰ বৰা দেউৰীয়ে(৯০) কালি বাৰ্ধক্যজনিত কাৰণত চিচিবৰগাঁওস্থিত নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। চিচিবৰগাঁও গাই দেউৰী গাঁৱৰ নিবাসী তথা চিচিবৰগাঁও মৌজাৰ পূৰ্বৰ মৌজাদাৰ প্ৰয়াত শশীধৰ দেউৰীৰ পুত্ৰ লক্ষীধৰ বৰা দেউৰী চিচি গাইদেউৰী গাঁৱত জন্ম হৈছিল। বৃটিছ শাসনৰ সময়ত বৰ্তমানৰ জোনাইত অৱস্থিত ‘আসাম টিম্বাৰ ডিপ’ নামৰ কাঠৰ মিলত কৰ্মৰত তেখেতৰ পিতৃৰ লগতে থাকি জোনাইস্থিত মুৰ্কংচেলেক প্ৰাথমিক বিদ্যালয় ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰা পাচত ডিব্ৰুগড় চৰকাৰী ল’ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক আৰু কটন কলেজৰ পৰা বি এছ চি পাছ কৰি ভাৰতীয় খাদ্য নিগমৰ বিষয়া হিচাপে যোগদান কৰিছিল যদিও সেই চাকৰি এৰি নাগালেণ্ডত উপ আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰিছিল।

সেই পদো বাদ দি বৰা দেউৰীয়ে বৰ্তমানৰ চিচি চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শিক্ষক ৰূপে যোগদান কৰে। অৱশেষত শিক্ষকতাও বাদ দি ১৯৭১ চনৰ পৰা চিচিবৰগাঁও মৌজাৰ মৌজাদাৰ হিচাপে কৰ্মৰত হয়। মাজতে ১৯৭৯ চনত জোনাই বিধান সভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰিছিল যদিও নিৰ্বাচনত পৰাজয় বৰণ কৰে। চিচিবৰগাঁও অঞ্চলৰ উল্লেখনীয় অনুষ্ঠান-প্ৰতিষ্ঠানসমূহত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত আছিল। চিচিবৰগাঁও মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক সভাপতি, চিচি চাৰিআলি মধ্য ইংৰাজী বিদ্যালয় আৰু চিচি চাৰিআলি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সভাপতিৰ দ্বায়িত্ব পালন কৰি অঞ্চলটোত শিক্ষানুষ্ঠান স্থাপনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা ব্যক্তিজন চিচিবৰগাঁও সাহিত্য সভা, চিচিবৰগাঁও উন্নয়ন সমিতি আদি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত জড়িত হৈ অঞ্চলটোৰ উন্নয়নৰ বাবে চেষ্টা কৰিছিল।

কালি লক্ষীধৰ বৰা দেউৰীৰ মৃত্যুৰ খবৰ বিয়পি পৰা লগে লগে অসমৰ বিভিন্ন ঠাইত থকা সমাজকৰ্মীজনৰ আত্মীয়-স্বজন আৰু স্থানীয় লোকসকল আহি চিচিবৰগাঁওস্থিত তেওঁৰ বাসগৃহত উপস্থিত হয়হি। কালি সন্ধিয়াৰ পূৰ্বে দেউৰী জনগোষ্ঠীয় নীতি-নিয়মৰ মাজেৰে চিচিবৰগাঁৱতে শেষকৃত্য কৰা হয়। চিৰ কুমাৰ ব্ৰত গ্ৰহণ কৰা লক্ষীধৰ বৰা দেউৰীৰ ভতিজাকে খুৰাকৰ মুখাগ্নি কৰে। লক্ষীধৰ বৰা দেউৰীৰ মৃত্যুত দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যাবাহী ভৈৰৱ দেউৰী, সাধাৰণ সদস্য দেৱকান্ত দেউৰী,চিচি চাৰিআলি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক তথা অৱসৰী প্ৰধান শিক্ষয়িত্ৰী পূণ্যেশ্বৰী শইকীয়া, চিচিবৰগাঁও উন্নয়ন সমিতিৰ সভাপতি মৃদু পৱন চুতীয়া, চিচিবৰগাঁও সাহিত্য সভাৰ সভাপতি দিগন্ত ভূঞা, ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মিন্টু চুতীয়া আদিৰ লগতে দেউৰী ছাত্র সন্থা, জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন, নাথ যোগী ছাত্ৰ সন্থা, চিচি চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতি আদি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে অঞ্চলটোৰ অনেকজন ব্যক্তিয়ে শোক প্ৰকাশ কৰিছে।

Leave A Reply