Breaking

বিহুবৰৰ ঔগুৰিজানত নিশা গোপনে চলিছে শিলৰ অবৈধ খনন

0 61

নাজিৰা

নাজিৰা মহকুমাৰ বিহুবৰ ঔগুৰিজানৰ বিবদমান এলেকাত  নিশা অতি গোপনে অবৈধভাবে ফকলেন লগাই শিল খনন চলাই আহিছে বুলি জানিব পৰা গৈছে৷ সমগ্র দেশ ভয়ংকৰ মহামাৰীৰ কবলত পৰাৰ লগতে নিশা সাত বজাৰ পৰা পুৱা সাত বজালৈকে সান্ধ্য আইন জাৰি থকাৰ পিছতো কেইজনমান স্বাৰ্থাম্বেষী ব্যক্তিয়ে এই আইনক অংগুষ্ঠ দেখুৱাই ঔগুৰিজানৰ বিবদমান এলেকাত অবৈধভাৱে শিল খনন চলাই আছে। আনহাতে সীমান্ত এলেকাসমূহত প্ৰশাসনিক এক নিশেধাজ্ঞা অব্যাহত থকাৰ পিছতো মাজনিশা ফকলেন লগাই শিল খনন চলাই থকা কাৰ্যই ৰহস্যৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে অসম নাগালেণ্ড সীমান্ত এলেকা বিহুবৰ ঔগুৰিজান অঞ্চলটো কাষৰীয়া নগাৰাজ্যৰ নগালোকসকলে সিহতৰ বুলি দাবী কৰি অহাৰ লগতে ঔগুৰিজান চাহ বাগিচাখনত একাংশ নগা লোকে দীৰ্ঘদিন ধৰি চাহগছসমূহ কাটি তাণ্ডৱ চলাই আহিছে। আনকি চুবুৰীয়া নগাৰাজ্যৰ নগালোকসকলে ঔগুৰিজানৰ কেইবা হেক্টৰ মাটি সিহঁতৰ বুলি দাবী কৰি অহাৰ লগতে অঞ্চলটোত বসবাস কৰা পৰিয়ালসমূহৰ পৰা বাৰ্ষিক কৰ আদায় লোৱাৰ উপৰিও খেতিপথাৰ, পোহনীয়া জীৱ-জন্তুৰ আদিৰো কৰ কাতল সংগ্ৰহ কৰি আহিছে৷ ঔগুৰিজানত অৱস্থিত আঠ টামান শিল ভঙা মেচিনত নাগালেণ্ডৰ পৰা বিদ্যুৎ সংযোগ কৰাই মেচিনকেইটাৰ মালিকিস্বত্বও কেইজনমান নগা ব্যক্তিয়ে লাভ কৰি আহিছে৷ এই ঔগুৰিজান অঞ্চলটোৰ ভূগৰ্ভত থকা প্ৰচুৰ পৰিমাণৰ শিলৰ প্ৰতি লোলুপ দৃষ্টি পৰা নগা একাংশই অঞ্চলটো নাগালেণ্ডৰ বুলি দাবী কৰি  ফকলেণ্ডৰ দ্বাৰা খনন চলাই কোটি টকাৰ শিল সংগ্ৰহ কৰিলে অবৈধভাৱে অসম চৰকাৰৰ বন বিভাগক কোনো ধৰণৰ ৰাজহ নিদিয়াকৈ৷ এই অবৈধ খনন চলি থকাৰ সময়তেই মহামাৰী ক’ৰোনা আতংকই ভয়ংকৰ ৰূপ ধাৰণ কৰাত সমগ্র দেশতেই লকডাউন ঘোষণা হোৱাত খনন প্ৰক্ৰিয়া বন্ধ হৈ পৰে আৰু বিশেষকৈ সীমান্ত এলেকাত বিশেষ নিশেধাজ্ঞা জাৰি কৰা হয়। এনে নিষেধাজ্ঞা, লকডাউন, কাৰ্ফিউ অব্যাহত থকাৰ  মাজতেই এচাম স্বাৰ্থাম্বেষী লোকে নিশা নিশা মেচিন লগাই ঔগুৰিজানৰ বিবদমান এলেকাত গোপনে অবৈধভাৱে শিল খনন চলাই থকাৰ খবৰ পোহৰলৈ আহিছে৷ বিহুবৰ খণ্ড বন কাৰ্যালয় আৰু বিহুবৰ আৰক্ষী থানাৰ সমীপতে বিবদমান এলেকাত নিশা অবৈধভাৱে খনন চলাই শিল সংগ্ৰহ কৰা কাৰ্যই বিশেষ ৰহস্যৰ সৃষ্টি কৰিছে৷ বতৰ ফৰকাল থাকিলে নিশা ন -দহ বজাৰ পৰাই  এই অবৈধ খনন কাৰ্য চলাৰ বিপৰীতে বৰষুণ দিলে খনন কাৰ্য বন্ধ থাকে বুলিও জানিব পৰা গৈছে৷ এফালে মহামাৰীৰ আতংক , লকডাউন , নিষেধাজ্ঞা আৰু আনফালে ৰহস্যজনকভাবে নিশা নিশা অবৈধ শিল খনন কাৰ্যই আৰক্ষী, প্ৰশাসন আৰু বন বিভাগৰ প্ৰতি সন্দেহৰ প্ৰশ্ন উঠিছে৷ 

Leave A Reply