Breaking

চিলাপথাৰৰ জলকীয়াসূঁতি নৈত অবৈধ খনন কাৰ্যই বিপদ মাতিছে কাষৰীয়া কেবাখনো গাঁৱলৈ…

0 44

চৰকাৰে ডিব্ৰুগড়, লখিমপুৰ, তিনিচুকীয়া,ধেমাজি আৰু  অৰুণাচলৰ মাজত যাতায়তৰ ক্ষেত্ৰত আমুল পৰিবৰ্তন  আনিবলৈ চিলাপথাৰৰ কুলাজানৰ পৰা জোনাই আয়ানলৈ চাৰিলেনযুক্ত পথ নিৰ্মাণৰ কাম আৰম্ভ হোৱাত স্হানীয় ৰাইজ সুখী যদিও আন একাংশ ৰাইজে এতিয়া বাৰিষাত ভয়ংকৰ বানৰ কবলত পৰাৰ ভয়ত অনিদ্ৰাত ৰজনী কটাইছে । কিয়নো পথ সম্প্ৰসাৰণৰ নামত ইতিমধ্যেই ৰাজপথৰ দুয়ো কাষে বছৰ বছৰ ধৰি নান্দনিক পৰিৱেশ সৃষ্টি কৰা বহু গছ গছনি উন্নয়নৰ নামত কাটি তহিলং কৰাৰ লগতে বৰ্তমান চিলাপথাৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা জলকীয়া সূঁতি নৈৰ ওপৰত কোনো নীতি নিয়ম বিহীন ভাৱে খননকাৰ্য চলোৱা হৈছে। দিনে নিশাই জেচিবিৰে

খনন কৰি শ শ ডাম্পাৰ মাটি ব্যৱহাৰ কৰা হৈছে ফৰলেনৰ কামত। নীতিবিহীন সৰু নৈখনত চলোৱা খনৰ বাবে কাষৰীয়া জলকীয়াঁসূতি, উত্তৰ বালি গাওঁ, পূৱ বালি গাওঁ, চিলাবালি গাঁৱ, ২ নং ভৈৰৱপুৰ কেধৰি কেবাখনো গাওঁত বাৰিষাত কাল অমানিশা নামি অহাৰ শংকা ব্যক্ত কৰিছে ৰাইজে। পূৱ বালি গাওঁ আৰু ২ নং ভৈৰৱপুৰৰ অঞ্চলৰ এটি বৃহৎ কৃষি পথাৰৰ মাজেৰে বৈ যোৱা ঘগৰা আৰু জলকীয়াসূঁতিৰ বানে বাৰিষাত এনেও বিস্তীৰ্ণ ক্ষতি কৰি আহিছে । যাৰ বাবে ৰাইজে সময়মতে খেতি কৰিব নোৱাৰে। লগতে নৈ দুখনৰ বালিৰ প্ৰলেপত প্ৰায় বছৰৰ ৬ মাহে বালিময় হৈ থাকে শ শ কৃষি ভূমি। কিন্তু সিহতীয়াকৈ চাৰিলেনযুক্ত পথৰ কামৰ বাবে  যধে মধে খনন কৰি মাটি কঢ়িয়াই নিয়াৰ ফলত এইকেইখন গাওঁ যিকোনো সময়ত ভয়ংকৰ বানত অস্তিত্ব নাইকীয়া হৈ পৰিব। উল্লেখ্য যে  পূৰ্বৰে পৰা চলি থকা এনে খননকাৰ্যৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ গাওঁ কেইখনৰ ৰাইজে স্হানীয় সাংসদ-বিধায়কক আবেদন নিবেদন

কৰাত যোৱা বছৰৰ বাৰিষাত ভৈৰৱপুৰত  পৰিদৰ্শন কৰি সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভুৱন পেগুয়ে খননকাৰ্য বন্ধ কৰা হ’ব আৰু যিসকলে এনে খনন চলাইছে তেওঁলোকৰ বিৰুদ্ধে আইনিভাৱে ব্যৱস্থা লোৱা হ’ব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছিল যদিও সিহতীয়াকৈ চাৰিলেনযুক্ত পথ সম্প্ৰসাৰণৰ নামত দিনে নিশাই একেৰাহে নিয়ন্ত্ৰণ বিহীন ভাৱে চলোৱা খননকাৰ্যই বাৰিষাত মূহুৰ্তৰ ভিতৰত তচনচ কৰি পেলাব কৃষিজীৱি নিৰ্ভৰশীল এই গাওঁ কেইখন। একাংশ কিছু মধ্যভোগীয়ে নিজৰ লাভালাভৰ বাবে ৰাইজৰ জীৱনক তুচ্ছজ্ঞান কৰি খনন চলোৱাত আগভাগ লৈছে বুলিও অভিযোগ উঠিছে। শীঘ্ৰেই জলকীয়াসূঁতি নৈৰ ওপৰত চলোৱা এনে খনন বন্ধ কৰাৰ লগতে  অন্য নিৰাপদ স্হানৰ পৰা মাটি আনি পথ সম্প্ৰসাৰণত ব্যৱহাৰ কৰিবলৈ সচেতন ৰাইজে দাবী জনাইছে। ভৱিষ্যতে ৰাইজৰ জীৱন সম্পত্তি সুৰক্ষাৰ স্বাৰ্থত সাংসদ প্ৰদান বৰুৱা বিধায়ক ভুৱন পেগুক এইক্ষেত্ৰত ব্যৱস্থা ল’বলৈ দাবী জনাইছে ৰাইজে।

Leave A Reply