Breaking

‘মই তোমাক বিচাৰি ফুৰিছো তুলিকা, তুমি ক’ত আছা?’ শিৱসাগৰৰ নামতিৰ গাহৰিচোৱা বাৰীত নিৰুদ্দেশ এগৰাকী বোৱাৰী…

0 207

শিৱসাগৰৰ আমগুৰি নামতিৰ গাহৰিচোৱা বাৰীত নিৰুদ্দেশ এগৰাকী বোৱাৰী। ৬ বছৰীয়া কন্যা সন্তানক এৰি নিৰুদ্দেশ হোৱা পত্নী সন্দৰ্ভত স্বামীয়ে আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ।’মই তোমাক বিচাৰি ফুৰিছো তুলিকা, বিচাৰি ফুৰিছো অ’; তুলিকা অ’ তুমি ক’ত আছা । তুমি যতেই আছা সোনকালে ঘৰলৈ গুচি আহা।ঘৰত লৰাজনীয়েও বহুত বিচাৰি ফুৰিছে আৰু ময়ো বিচাৰি ফুৰিছো।’ শিৱসাগৰৰ আমগুৰি নামতিৰ গাহৰিচোৱা বাৰীত নিৰুদ্দেশ বোৱাৰী । পত্নী নিৰুদ্দেশ হোৱাত শোকত ভাগি পৰিছে স্বামী ।এনেদৰে স্বামীয়ে নিৰুদ্দেশ হোৱা নিজ পত্নীক বিচাৰি হাবাথুৰি খাইছে।


শিসাগৰৰ হালোৱাটিং আৰক্ষী থানা অন্তৰ্গত নামতি গাহৰিচোৱা বাৰীৰ পিংকু লাহন নামৰ যুৱক জনৰ পত্নী ভাৰতী লাহন ওৰফে তুলিকাই ৬ বছৰীয়া কন্যা সন্তানক এৰি যোৱা ৪ মাৰ্চৰ পৰা নিৰুদ্দেশ হৈ আছে । স্বামী পিংকু লাহনে বিভিন্ন ঠাইত বিচাৰিছে যদিও পত্নীৰ কোনো সম্ভেদ বিচাৰি উলিয়াব পৰা নাই । উপায়হীন হৈ স্বামী পিংকু লাহনে ৬ বছৰীয়া কন্যা সন্তানক এৰি নিৰুদ্দেশ হোৱা পত্নীৰ সন্দৰ্ভত হালোৱাটিং আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে । এতিয়া পত্নী ভাৰতী লাহনক বিচাৰি স্বামী পিংকু লাহনে হুক হুকাই কান্দি উঠিছে । কোনো সদাশয় লোকে যদি এই বিবাহিতা মহিলা গৰাকীৰ সম্ভেদ পাই তেনেহলে 84149-79180 নম্বৰত স্বামীয়ে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে ।

Leave A Reply