Breaking

দৈনন্দিন বাৰ্তাৰ বাতৰিৰ প্ৰভাৱ : যমুনামুখৰ বানে ছিঙা বিধ্বস্ত বাট-পথ পৰিদৰ্শন কৰিলে বিধায়কৰ প্ৰতিনিধিয়ে

0 1,562

যমুনামুখ সমষ্টিৰ বানে ছিঙা বিধ্বস্ত পথৰ  বাতৰি এক মাত্ৰ আমাৰ কাকত খনত প্ৰকাশ পাইছিল। যোৱা ১৩ জুন তাৰিখে আমি যমুনামুখ সমষ্টিৰ অন্তৰ্গত চাৰ্লক, যমুনামুখ, বালিৰাম,নগাঞাপাম,চাংমাজি আদি অঞ্চল সমূহৰ লগতে লক্ষাধিক লোকৰ যাতায়তৰ মাধ্যম স্বৰূপ ডবকা-যমুনামুখ সংযোগী গড়কাপ্তানী পথৰবাতৰি প্ৰকাশ কৰোঁ। বাতৰি প্ৰকাশৰ লগে লগে যমুনামুখ সমষ্টিৰ বিধায়ক আলহাজ ছিৰাজ উদ্দিন আজমলৰ অনুপস্থিতিত তেওঁৰেই প্ৰতিনিধি বিশিষ্ট সমাজসেৱক আনৱাৰ হুছেইন, এ আই ই উডিএফৰ যমুনামুখ সমষ্টি সমিতিৰ সাধাৰণ সম্পাদক আলহাজ মোহাম্মদ আলীৰ নেতৃত্বত এটা  দলে অঞ্চল সমুহ পৰিদৰ্শন কৰে । প্ৰতিনিধিৰ দলটোৱে পথকেইটাৰ বৰ্তমানৰ অৱস্থা পৰিদৰ্শনৰ লগতে বিধ্বস্ত হৈ পৰা পথকেইটাৰ পুনৰ মেৰামতিৰ প্ৰদক্ষেপ গ্ৰহণ কৰে। উল্লেখযোগ্য কথা হ’ল অসম চৰকাৰৰ এটা বিয়াগোম গড়কাপ্তানী বিভাগৰ চকু এতিয়া লৈকে মেলখোৱা নাই। বিধায়ক ছিৰাজ উদ্দিন আজমলৰ নিজা উদ্যোগত ব্যক্তিগত পুঁজিৰে মেৰামতি কৰি যাতায়তৰ ব্যৱস্থা সুচল কৰাৰ পদক্ষেপ গ্ৰহণ কৰে। আজমলে পথকেইটা মেৰামতি কৰিবলৈ কেনে পদক্ষেপ গ্ৰহণ কৰে, সেয়া সময়ত স্পষ্ট হ’ব।

Leave A Reply