Breaking

দৈনন্দিন বাৰ্তাৰ বাতৰিৰ প্ৰভাৱ : লাহৰীঘাটৰ স্বৰ্ণ কন্যা কুংফু খেলুৱৈ হাচিনা বেগমৰ খবৰ লবলৈ আহিল বিধায়ক , বিভিন্ন দল সংগঠনৰ ব্যক্তি

0 1,543

মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ ধূপগুৰিৰ মুস্হাক আলীৰ জীয়েক আন্তৰাষ্ট্ৰীয় মানপত্র আৰু সোণৰ পদক প্ৰাপ্ত কুংফু খেলুৱৈ হাচিনা বেগমৰ বৰ্তমানৰ দৰিদ্ৰতাৰ বাতৰি প্ৰচাৰ কৰা হৈছিল  দৈনন্দিন বাৰ্তা কাকতত। আৰু তাৰ পিছৰে পৰা বৰ্তমানলৈকে বাতৰিৰ প্ৰভাৱ পৰিলক্ষিত হৈছে। দৈনিক বহু প্ৰিন্ট মিডিয়া  , বৈদ্যুতিন মিডিয়া আৰু পৰ্টেলৰ সাংবাদিক সকলো উপস্থিত হৈ বাতৰি পৰিবেশন কৰা পৰিলক্ষিত হৈছে। ঠিক তেনেদৰে ৰাজনৈতিক দল সংগঠনৰ পৰাও হাচিনা বেগমৰ খবৰ লবলৈ ক্ৰমে লাহৰীঘাট ব্লক কংগ্ৰেছ সেৱা দলৰ সভাপতি ছাইদুল ইছলাম  , কুশতলি মন্ডল বিজেপি সমিতি আৰু যোৱা কালি লাহৰীঘাট সমষ্টিৰ বিধায়ক ডাঃ আচিফ নাজাৰেও হাচিনা বেগমৰ ঘৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ বিভিন্ন ধৰণৰ আশ্বাস দি থৈ যায়।অৱশ্যে এই মুহূর্তত হাচিনা বেগমৰ ঘৰত বিশেষ ভাবে আৰ্থিক সাহায্যৰ প্ৰয়োজন যিটো এতিয়াও শূন্য হৈ আছে । আশা কৰা হৈছিল বিধায়ক মহোদয় যেতিয়া খবৰ লবলৈ আহিল নিশ্চয় কিবা এটা আৰ্থিক অনুদান আগবঢ়াব পিছে সেয়া পৰিলক্ষিত নহল। 

Leave A Reply