Breaking

লকডাউনৰ প্ৰভাৱ : ইলেকট্ৰ’নিকছ সামগ্ৰীৰ কৰ্মচাৰী হৈ পৰিল শাক-পাচলিৰ ব্যৱসায়ী

0 250

জামুগুৰিহাট

সমগ্ৰ পৃথিৱীত মহামাৰী ৰূপ লোৱা ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবেই দেশত ঘোষণা কৰা হ’ল লকডাউন৷ এই লকডাউনৰ সময়চোৱাত দেশৰ লগতে ৰাজ্যৰ বহুতৰে জীৱন শৈলী সলনি হোৱা দেখা পোৱা গ’ল৷ লকডাউনৰ বাবেই দোকান পোহাৰ বন্ধ হৈ পৰাত শোণিতপুৰ জিলাৰ জামুগুৰিহাটতো বহু লোকৰেই পূৰ্ৱৰ জীৱন জীৱিকাৰ বৃত্তি সলনি হোৱা পৰিলক্ষিত হয়৷ জামুগুৰিহাটৰ বৰভগীয়া গাঁৱৰ ৰঞ্জিত শইকীয়া নামৰ উদ্যমী যুৱকগৰাকী ইলেক্ট্ৰনিকছৰ সামগ্ৰীৰ দোকানৰ লগত জড়িত হৈ বিগত বছৰ বছৰ ধৰি পৰিয়াল পোহপাল দি আহিছিল৷ আনৰ দোকানত থাকি সুন্দৰকৈ দোকান পৰিচালনা কৰি জামুগুৰিহাটৰ এগৰাকী চিনাকি যুৱক হৈ পৰা ৰঞ্জিত শইকীয়া লকডাউনৰ পিছতেই হৈ পৰিল শাক-পাচলিৰ ব্যৱসায়ী৷ কিয়নো লকডাউনৰ বাবে এমাহৰো অধিক কাল দোকান বন্ধ হৈ পৰাত পৰিয়াল পোহপাল দিয়াৰ দিশত ৰঞ্জিত সন্মুখীন হ’বলগীয়া হ’ল যথেষ্ট প্ৰত্যাহবানৰ৷ বৰভগীয়াস্থিত নিজ বাসগৃহৰ সন্মুখতে নিজৰ ঘৰৰ লগতে গাঁৱৰ অন্যান্য কৃষকৰপৰা শাক-পাচলি ক্ৰয় কৰি আনি ৰঞ্জিতে ৰাজ্যত “জনতা কাৰ্ফিউ” আৰম্ভ হোৱা দিনটোৰপৰাই সাধাৰণকৈ আৰম্ভ কৰিছিল শাক পাচলিৰ ব্যৱসায়৷ এগৰাকী থলুৱা যুৱকহৈও নিজৰ আত্ম-সন্মানৰ খাতিৰতে হওক নতুবা অন্য কাৰণতে হওক পূৰ্ৱে নকৰা এনে ব্যৱসায়ত হাত দি এতিয়া কিন্তু যথেষ্ট আনন্দিত এইগৰাকী যুৱক ৰঞ্জিত শইকীয়া৷ বৰ্তমান ঘৰৰ পদুলীতে সৰুকৈ চাংঘৰসদৃশ এটি ঘৰ সাজি ৰঞ্জিতে পুৱাৰপৰা বিয়লিলৈকে বহুসংখ্যক গ্ৰাহকক শাক-পাচলি বিক্ৰী কৰা এগৰাকী ব্যৱসায়ী৷ যাৰ জৰিয়তে ৰঞ্জিতে বৰ্তমান নিশ্চিন্তমনেৰে পোহপাল দিব পাৰিছে পৰিয়ালটিৰ লগতে সন্তানকো৷ ৰঞ্জিতৰ মতে আমাৰ যুৱকসকল প্ৰত্যেকেই কাম কৰাৰ সামৰ্থ আছে কিন্তু লাজ আৰু আত্ম সন্মানত আঘাত পাই বুলি কৰিম বুলি ভাবিলেও পিছ হুহকি আহো আমিবোৰ সকলোৱেই৷ মোৰো প্ৰথমাৱস্থাত লাজ আৰু শংকা উপজিছিল কিন্তু লাহে লাহে মই ভাবি ল’লো মোৰ পৰিয়ালটোৰ কথা, মোৰ সন্তানটিৰ কথা৷ টসেয়ে আজি মই কেতিয়াও নকৰা এই কাম কৰিবলৈ বাধ্য হ’লো আৰু সকলোৰে সঁহাৰী পাইছো৷ আমাৰ যুৱকসকল আগবাঢ়ি আহিলে আমিও পথাৰ আৰু বজাৰ দখল কৰাৰ সামৰ্থ আছে৷ জামুগুৰিহাটৰ ৰঞ্জিতৰ দৰেই যদি সকলোৱে মনত এনে ভাৱধাৰা লৈ আগবাঢ়ি যায় নিশ্চয়কৈ ৰাজ্যৰ থলুৱা যুৱকসকল আনৰ ওপৰত ভৰষা কৰাৰ পথ ত্যাগ কৰি পথাৰ আৰু বজাৰ দখল কৰা দিশত সফল হ’ব বুলিয়েই আশা কৰিব পাৰি৷

Leave A Reply