Breaking

বঙাইগাঁৱত আমছুৰ মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ

0 2,066

মুখ্যমন্ত্ৰীয়ে শংকৰদেৱ – আজান ফকীৰৰ যিখন অসম আৰু য’ত আমি ভাতৃত্ববোধেৰে জীয়াই আছো, এইখন অসমত এটা সাম্প্ৰদায়িক বিষবাস্প বিয়োপাবৰ কাৰণে নিজে দায়িত্ব লৈছে ৷ এই অভিযোগ আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰৰ ৷ দৰং জিলাৰ ছিপাঝাৰ ধলপুৰত অসম চৰকাৰে অমানৱীয় আৰু অসাংবিধানিকভাৱে দুখীয়া নাগৰিকসকলৰ ঘৰ উচ্ছেদ কৰাৰ লগতে৷মছজিদ আৰু মাদ্ৰাছা ভাঙি দি ধৰ্মীয় ভাৱনাত আঘাত কৰাৰ প্ৰতিবাদত বুধবাৰে ৰাজ্যৰ অন্যান্য জিলাৰ লগতে বঙাইগাঁৱতো আমছুৱে ৰূপায়ণ কৰা প্ৰতিবাদী মানৱ শৃংখল কাৰ্যসূচীত অংশ গ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে ৷ বঙাইগাঁও জিলা আমছুৰ উদ্যোগত নিউ বঙাইগাঁৱৰ ভাওলাগুৰিত ৰূপায়ণ কৰা মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি সংগঠনটোৰ কেন্দ্ৰীয় সভাপতিগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে আমি ৰাজ্যজুৰি প্ৰতিখন জিলাতে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰিছো ৷ যোৱা ২০ ছেপ্টেম্বৰত অসম চৰকাৰ আৰু ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত দৰং জিলা প্ৰশাসনে ধৰ্মীয় মেৰুকৰণেৰে কেৱল মাত্ৰ সখ্যালঘু হোৱাৰ বাবেই অমানৱীয়ভাৱে প্ৰায় আঠশ পৰিয়ালক উচ্ছেদ কৰিলে ৷ ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছো আৰু চৰকাৰৰ এনেকুৱা ধৰ্মীয় মেৰুকৰণেৰে সংখ্যালঘু ৰাইজক কৰা অন্যায় – অত্যাচাৰক আমি তীব্ৰ নিন্দা কৰিছো , গৰিহণা দিছো আৰু তাৰে প্ৰতিবাদত আমি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছো ৷ সভাপতিগৰাকীয়ে কয়  যে আমি মুখ্যমন্ত্ৰীক বাৰে বাৰে কৈছিলো যে উচ্ছেদৰ আমি কেতিয়াও বিৰোধিতা কৰা নাই , প্ৰকল্প স্থাপনৰ ক্ষেত্ৰতো আমি কোনোদিনে বিৰোধিতা কৰা নাই আৰু যুৱক – যুৱতীক সংস্থাপনৰ ক্ষেত্ৰতো আমি কোনো ধৰণৰ বিৰোধিতা কৰা নাই ৷ আমি কৈছিলো যে তাত যিসকল সংখ্যালঘু সম্প্ৰদায়ৰ লোকে যুগ যুগ ধৰি ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ কৱলত পৰি গৃহহীন হৈ বসৱাস কৰি আছে ,গতিকে তেওঁলোকক মাটিৰ পট্টা দি ভূমি প্ৰদান কৰি তাত উচ্ছেদ কৰি প্ৰকল্প স্থাপন কৰক আমাৰ সম্পূৰ্ণ সহযোগিতা থাকিব ৷ মুখ্যমন্ত্ৰীয়েও কৈছিল যে মানুহখিনিক সকলো ধৰণৰ সহায় সহযোগিতা কৰি প্ৰকল্পৰ কাম আৰম্ভ কৰা হ’ব ৷ কিন্তু মুখ্যমন্ত্ৰী আৰু দৰং জিলা প্ৰশাসনৰ যি সিদ্ধান্ত তেওঁলোকে আক্ৰোশভাৱে ধৰ্মীয় মেৰুকৰণেৰে কেৱল সংখ্যালঘু হোৱাৰ কাৰণেই তেওঁলোকক কোনো ধৰণৰ সময় তথা ভূমি প্ৰদান নকৰাকৈ আৰু সংস্থাপিত নকৰাকৈয়ে উচ্ছেদ কৰিলে ৷ যাৰ বাবে আঠশ পৰিয়ালে যাযাবৰী জীৱন যাপন কৰিবলগীয়া হৈছে আৰু মুকলি আকাশৰ তলত থাকিবলগীয়া হৈছে ৷ চৰকাৰে তেওঁলোকৰ কাৰণে এটুপি খোৱা পানীৰ ব্যৱস্থা কৰি দিয়া নাই ৷ নদীৰ পানী খাবলগীয়া হৈছে ৷ গতিকে এয়া এক হিটলাৰী কায়দাৰে আচলতে সংখ্যালঘু লোকসকলক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ মুখ্যমন্ত্ৰী আৰু বিজেপি চৰকাৰে কৰি আহিছে ৷ ইয়াৰ প্ৰতিবাদ আমি কৰি আহিছো ৷ আমি মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো যে  মুখ্যমন্ত্ৰীগৰাকী সকলো জনগোষ্ঠীৰে মুখ্যমন্ত্ৰী হওক ৷ কেৱল ধৰ্মীয় সংখ্যালঘুসকলক বাদ দি মুখ্যমন্ত্ৰী নেকি ? তেওঁ ধৰ্মীয় সংখ্যালঘুসকলক জীয়াই থাকিবলৈ নিদিব নেকি স্পষ্ট কৰক ৷ ধৰ্মীয় সংখ্যালঘুসকল যদি ইমানেই এলাৰ্জী আৰু ধৰ্মীয় সংখ্যালঘুসকলক যদি সদায় লক্ষ্য কৰি লৈ এইদৰে অন্যায় অত্যাচাৰ কৰি থাকে তেতিয়াহলে মুকলিকৈ কৈ দিয়ক যে তোমালোকৰ বিৰুদ্ধে এনেকুৱা কামেই কৰা হ’ব ৷ কিন্তু প্ৰধানমন্ত্ৰী ,মুখ্যমন্ত্ৰীয়ে ক’ব যে সব কা সাথ সবকে বিকাশ সবকে বিশ্বাস আৰু এয়াই তেওঁলোকৰ শ্লোগান ৷ কিন্তু এই শ্লোগান দূৰত ৰাখি কেৱল সংখ্যালঘুসকলক এনেকুৱা নিৰ্মম অন্যায় – অত্যাচাৰ কৰা হয়তো ভাৰতবৰ্ষৰ বুকুত কোনো ৰাজ্যতে হোৱা নাই অসমতে হৈ আছে ৷  এয়া সংবিধান বিৰোধী আৰু ইয়াত সম্পূৰ্ণ মানৱ অধিকাৰ উলংঘন কৰা হৈছে ৷ ল’ৰা- ছোৱালীৰ মানৱ অধিকাৰ উলংঘন কৰা হৈছে, শিশু আৰু মহিলাৰ মানৱ অধিকাৰ উলংঘন কৰা হৈছে ৷ কল্যাণকামী ৰাষ্ট্ৰৰ এটা মূল মন্ত্ৰ হৈছে অন্ন- বস্ত্ৰ- বাসস্থান ৷ গতিকে বাসস্থান নিদিয়াকৈ চৰকাৰে কেনেকৈ তেওঁলোকে উচ্ছেদ কৰিলে ? আনকি মুখ্যমন্ত্ৰীয়ে যিধৰণে টুইট কৰিছে আমি দেখিছো ৷ সেয়ে আমি স্পষ্টকৈ অভিযোগ কৰিছো যে মুখ্যমন্ত্ৰীয়ে শংকৰদেৱ – আজান ফকীৰৰ যিখন অসম আৰু য’ত আমি ভাতৃত্ববোধেৰে জীয়াই আছো এইখন অসমতে এটা সাম্প্ৰদায়িক বিষবাস্প বিয়োপাবৰ কাৰণে নিজে দায়িত্ব লৈছে ৷ তাৰ জলন্ত উদাহৰণ হ’ল তাতে তিনিটাকৈ মছজিদ ভাঙি দিয়া হ’ল ৷ কাজিৰঙাতো মছজিদ, নামঘৰ আছিল যদিও উচ্ছেদৰ সময়ত ভাঙি দিয়া নাছিল ৷ ধৰ্মীয় অনুষ্ঠানক অন্তত তেওঁলোকে সন্মান জনাইছিল ৷ ইয়াত কিন্তু ধৰ্মীয় অনুষ্ঠানক সন্মান জনোৱা নহ’ল ৷ মুখ্যমন্ত্ৰীয়ে নিজৰ টুইটাৰত যি ফটো ব্যৱহাৰ কৰিছে তাতো তেওঁ মছজিদৰ ফটোহে ব্যৱহাৰ কৰিছে ৷ য’ত মানুহৰ আবেগ অনুভূতি জড়িত হৈ থাকে ৷ আচলতে এই কাৰ্যটোৱে বা মুখ্যমন্ত্ৰীৰ টুইটটোৱে এইটোকে প্ৰমাণ কৰিছে যে মুখ্যমন্ত্ৰীয়ে অসমখনত এটা সাম্প্ৰদায়িক বিষবাষ্প বিয়োপাই ধৰ্মীয় মেৰুকৰণ কৰি ৰাজনৈতিক মুনাফা লুটিবলৈ বিচাৰিছে ৷ গণতান্ত্ৰিক চৰকাৰ এখনৰ মুখ্যমন্ত্ৰীৰ এনে কাৰ্য কেতিয়াও শোভা নাপায় ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে অতি নিকৃষ্টতম পন্থা অৱলম্বন কৰি ধৰ্মীয় সংখ্যালঘুসকলক নিঃশেষ কৰাৰ এটা ষড়যন্ত্ৰ ৰচনা কৰিছে আৰু সেইটো আমি কেতিয়াও মানি নলও ৷ বৃহস্পতিবাৰে এই উচ্ছেদ আৰু দুখীয়া লোকসকলৰ মানৱ অধিকাৰ উলংঘন কৰা সন্দৰ্ভত ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ প্ৰতিখন জিলাৰ পৰা পত্ৰ প্ৰেৰণ কৰিব বুলিও কয় ৷ ইয়াৰ পিছতো যদি কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয় আৰু মুখ্যমন্ত্ৰীয়ে যদি ধৰ্মীয় সংখ্যালঘুসকলক নিঃশেষ কৰিবলৈ  পৰিকল্পিতভাৱে অন্যায়- অত্যাতাৰ  চলায় তেতিয়াহলে অসমত এক ভয়াৱহ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী হ’ব আৰু তাৰ বাবে যদি কিবা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় সম্পূৰ্ণভাৱে ড: হিমন্ত বিশ্ব শৰ্মা জগৰীয়া হ’ব ৷ উল্লেখ্য যে মানৱ শৃংখল কাৰ্যসূতীত অংশ গ্ৰহণ কৰা আমছুৰ সদস্যসকলে উচ্ছেদিত পৰিয়ালসমূহক পুনৰ সংস্থাপন কৰক ,সংখ্যালঘুৰ ওপৰত অমানৱীয় অত্যাচাৰ বন্ধ কৰক ,ধৰ্মীয় মেৰুকৰণ বন্ধ কৰক, ধৰ্মীয় ৰাজনীতি নচলিব , সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰক ,ধৰ্মকলৈ ৰাজনীতি কৰা নচলিব , অসম চৰকাৰ হায় হায় , ধৰ্মীয় অনুষ্ঠানৰ ওপৰত আক্ৰমণ কৰা বন্ধ কৰক, চৰ অঞ্চলৰ পৰিয়ালসমূহক মাটিৰ পট্টা দিব লাগিবই আদি বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ৷ মানৱ শৃংখল কাৰ্যসূচীত জিলা আমছুৰ সভাপতিকে ধৰি বিষয়ববীয়া আৰু সদস্যসকলে অংশগ্ৰহণ কৰে ৷

Leave A Reply