Breaking

‘কা’ বাতিলৰ দাবীত টিংখাঙত যুৱ ছাত্ৰ পৰিষদৰ মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ

0 1,279

টিংখাং : ডিব্ৰুগড় জিলাৰ টিংখাঙত ‘কা’ বাতিলৰ দাবীত অসম যুৱ ছাত্ৰ পৰিষদে স্থানীয় শতাধিক নেতা কৰ্মীয়ে কালি এক মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে। পৰিষদৰ জিলা সমিতিৰ আহ্বানত ৰূপায়ণ কৰা কাৰ্যসূচীত টিংখাঙৰ লগতে ৰাজগড় আঞ্চলিক সমিতিৰ বিষয়ববীয়া তথা কৰ্মকৰ্তাই অংশগ্ৰহণ কৰে। কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰতিবাদকাৰীসকলে ‘কা’ বাতিল দাবী কৰাৰ লগতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰখনৰ বিৰোধী শ্ল’গান দিয়া দেখা যায়। তদুপৰি প্ৰতিবাদকাৰীসকলে ‘কা’ আমি নামানো, বিধায়ক বিমল বড়া হুচিয়াৰ আদি শ্ল’গানেৰে টিংখাঙৰ তিনিআলি উত্তাল কৰে। কাৰ্যসূচীৰ অন্তত সংবাদ মাধ্যমৰ আগত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীসকলে ‘কা’ শীঘ্ৰে বাতিল কৰিবলৈ চৰকাৰক দাবী কৰিছে। অন্যথা সমগ্ৰ ৰাজ্যৰ লগতে টিংখাঙতো ‘কা’ বাতিলৰ দাবীত ব্যাপক আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে। কালিৰ কাৰ্যসূচীত যুৱ ছাত্ৰ পৰিষদৰ লগতে স্থানীয় বহুকেইটা জাতীয় সংগঠনৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰে।

Leave A Reply