Breaking

দুৰ্গা পূজা উপলক্ষে ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগত গুৰুত্বপূৰ্ণ সভা

0 2,045

আগন্তুক শ্ৰী শ্ৰী শাৰদীয় দুৰ্গা পূজা উপলক্ষে ৰঙিয়া মহকুমাৰ মহকুমাধিপতি স্বপ্নীল পাল, ভা: প্ৰ: সে:, ৰ পৌৰহিত্যত চক্ৰ বিষয়া, কাৰ্য্যবাহী দণ্ডাধীশ, আৰক্ষী বিষয়া তথা মহকুমাটোৰ বিভিন্ন বিভাগৰ মুৰব্বীৰ উপস্থিতিত সমগ্ৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত পূজা উদযাপন সমিতি সমূহৰ বিষয়-ববীয়া সকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। সভাত ক’ৰণা ভাইৰাছ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত পূজা অনুষ্ঠিত কৰিবলৈ পূজা সমিতি সমূহে মানি চলিবলগীয়া চৰকাৰী নীতি-নিয়ম সম্পৰ্কে বিস্তৃত ভাবে আলোচনা কৰা হয়। আলোচনা কালত মহকুমাধিপতি স্বপ্নীল পালে  পূজা উদযাপনৰ ক্ষেত্ৰত সমিতি সমূহক অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নীতি- নিৰ্দেশনা সমূহ মানি চলিবলৈ আহ্বান জনায়।     লক্ষ্যণীয় যে, ৰঙিয়া মহকুমাৰ মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত ২৪ চেপ্তেম্বৰত অনুষ্ঠিত হোৱা এই সভাতেই বিগত বৰ্ষৰ শ্ৰেষ্ঠ পূজা উদযাপন সমিতি সমূহক ৰঙিয়া মহকুমা প্ৰশাসনৰ তৰফৰ পৰা কৃতিত্বৰ প্ৰমাণপত্ৰ প্ৰদান কৰাৰ লগতে আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। শ্ৰেষ্ঠতাৰ শিতানত নাম অলংকৃত কৰা এই পূজা উদযাপন সমিতি সমূহৰ ভিতৰত আছিল  ক্ৰমে ৰঙিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰথম- শ্ৰী শ্ৰী দুৰ্গা পূজা উদযাপন সমিতি, জয়ন্তীপুৰ ,দ্বিতীয়- শ্ৰী শ্ৰী হৰি মন্দিৰ দুৰ্গা পূজা উদযাপন সমিতি, ৰঙিয়া ষ্টেচন ,তৃতীয় যুটীয়াভাৱে- বড়িগোগ আঞ্চলিক শাৰদীয় দুৰ্গা পূজা সমিতি, নিজ বড়িগোগ আৰু কাছাৰী মহল বাড়োৱাৰী দুৰ্গা পূজা সমিতি, মধুকুছি । কমলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰথম-  পুঠিমাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতি ,দ্বিতীয়-  উত্তৰ বাইহাটা চাৰিআলি বাৰোৱাৰী দুৰ্গা পূজা সমিতি, তৃতীয়-  কৰৰা ৰাজহুৱা দুৰ্গা পূজা সমিতি আৰু কঞা ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰথম- কামপীঠ বাৰোৱাৰী দুৰ্গা পূজা সমিতি।  সভাত ৰঙিয়া, কমলপুৰ আৰু কঞা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াত্ৰয় ক্ৰমে লীনা কুমাৰী পাৱে, পৰীক্ষিৎ ফুকন আৰু ডা: ক্ষীৰোদ কমল হাজৰিকা, সহকাৰী আয়ুক্তদ্বয় ক্ৰমে  অম্লান বৈশ্য আৰু  কেশৱানন্দ টাইড্, ৰঙিয়া, কমলপুৰ আৰু বাইহাটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াত্ৰয় ক্ৰমে  অনিল মৰাণ,  বীৰেন বৰুৱা আৰু  ৰূপম হাজৰিকা প্ৰমুখ্যে বিভিন্ন বিভাগৰ মুৰব্বী, মহকুমা প্ৰশাসনৰ কৰ্মচাৰীসকল আৰু পূজা উদযাপন সমিতি সমূহৰ বিষয়-ববীয়া তথা স্থানীয় ৰাইজ উপস্থিত থাকে।

Leave A Reply