Breaking

“২০২৬ত অখিল গগৈয়েই মুখ্যমন্ত্ৰী হ’ব”-গিৰিশংকৰ গোস্বামী

0 116

নিজৰ দলৰ সম্ভাৱনাময় নেতা কৰ্মীকে দলত ৰাখিব নোৱাৰা কংগ্ৰেছে যে বিৰোধীক ঐক্যবদ্ধ কৰিব পাৰিব সেইলৈ আশাবাদী নহয় ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গিৰিশংকৰ গোস্বামী।

কংগ্ৰেছ দলটোৰ নেতৃত্বক অসমৰ খিলঞ্জীয়া জনগণ আৰু মধ্যবিত্ত অসমীয়াই বিশ্বাসত লোৱা নাই আৰু যিকেইজন নেতা দলটোৰ হৰ্তাকৰ্তা বিধাতাহৈ আছে তেওঁলোকক বিশ্বাসত লোৱাৰ সম্ভাৱনাও নাই-এই মন্তব্য ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গিৰিশংকৰ গোস্বামীৰ। কংগ্ৰেছৰ নেতৃত্বত বিৰোধী ঐক্য গঠনৰ যি প্ৰচেষ্টা আৰম্ভ হৈছিল সেই আলোচনা কি পৰ্যায়ত আছে বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত গোস্বামীয়ে কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ভাল মানুহ। বিৰোধী ঐক্য গঠনৰ ক্ষেত্ৰত তেওঁৰ সদিচ্ছা আছে কিন্তু দলটোৰ আন বহু নেতাই অসমৰ আঞ্চলিক আৰু জাতীয়তাবাদী শক্তিৰ সলনি এআইইউডিএফৰ সৈতেহে কংগ্ৰেছৰ মিত্ৰতা বিচাৰে। আমি বিৰোধী ঐক্যবদ্ধ হোৱাটো বিচাৰিছো ভোট বিভাজন ৰোধৰে বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত কিন্তু কংগ্ৰেছৰ একাংশ নেতাই বিৰোধী এক হোৱাটো নিবিচাৰে। তেওঁলোক নিজে বিধায়ক ৰূপে জয়ী হোৱাটোহে তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ। উজনি অসমত কংগ্ৰেছৰ অস্তিত্ব শূন্য। নামনিটো অৱস্থা তথৈবচ। কেৱলমাথো সংখ্যালঘু অধ্যুষিত সমষ্টিবোৰতে কংগ্ৰেছৰ সংগঠন আছে।অথচ তেওঁলোকে উজনি আৰু মধ্যঅসমত দুৰ্বল সাংগঠনিক স্থিতিৰ পাছতো বিৰোধী দলবোৰৰ সৈতে আসনৰ ভাগৱতৰা কৰিবলৈ প্ৰস্তুত নহয়।

ড° হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰুতলিপি মতে কংগ্ৰেছৰ একাংশ শীৰ্ষ নেতাই দলটোৰ সংগঠন শক্তিশালী হবলৈ নিদিয়ে বুলি সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি আঙুলিয়াই দি ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গৰাকীয়ে স্পষ্ট ভাষাৰে কয় যে আজিৰ তাৰিখত অসমৰ ৰাজনীতিত কেৱলমাথো ৰাইজৰ দলৰ সভাপতি আৰু শিৱসাগৰৰ বিধায়ক অখিল গগৈ আৰু ৰাইজৰ দলৰ নেতা কৰ্মী সকলহে আদৰ্শগতভাৱে বিজেপিৰ বিৰোধিতা কৰি আহিছে। ড° হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প নেতা যদি কোনোবা অসমৰ ৰাজনীতিত আছে তেন্তে সেইজনেই হল অখিল গগৈ। অখিল গগৈক ২০২৬ত যদি বিৰোধী দলবোৰে ঐক্যবদ্ধভাৱে অসমৰ মুখ্যমন্ত্ৰী ৰূপে প্ৰক্ষেপ কৰে তেন্তে বিজেপিক ক্ষমতাচ্যুত কৰাটো সম্ভৱ হব পাৰে। কাৰণ অখিল গগৈ যুঁজাৰু মানুহ সন্মুখৰ পৰা সকলোকে সন্মানসহকাৰে লগতলৈ বিজেপিৰ বিৰুদ্ধে যুঁজিব পৰা ৰাজনৈতিক বিচক্ষণতা আৰু দৃঢ়তা অখিল গগৈৰহে আছে।


অসমৰ ৰাজনীতিত আপ বিজেপিৰ বিকল্প হব পাৰিব নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গিৰিশংকৰ গোস্বামীয়ে কলে অসমৰ ৰাজনীতিত আপ কাগজৰ বাঘ। দলটোৰ সাংগঠনিক শক্তি দুজনকৈ মুখ্যমন্ত্ৰী অহাৰ পাছতো অসমৰ ৰাইজে সোনাৰাম খেলপথাৰত ভাষণ শুনিবলৈ নোযোৱাৰ পাছত সকলোৱে গম পাইছে। তেওঁলোকে সকলো সমষ্টিতে প্ৰাৰ্থী দি দুই চাৰিহাজাৰ ভোট লৈ ভোটবিভাজনৰে বিজেপিক সহায় কৰিবলৈ আহিছে। কংগ্ৰেছৰ বোকোচাত উঠি ৰাইজৰ দল আৰু জাতীয় পৰিষদে কিদৰে আঞ্চলিকতাবাদ শক্তিশালী কৰিব বুলি সোধা এক প্ৰশ্নৰ উত্তৰত ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গিৰিশংকৰ গোস্বামীয়ে কয়-ৰাইজৰ দল কোনোদিন কংগ্ৰেছৰ বোকোচাত উঠি নিৰ্বাচন খেলা নাই। ২০২১ৰ নিৰ্বাচনত শিৱসাগৰত বিজেপি কংগ্ৰেছ দুয়োটা দলৰ বিৰুদ্ধে যুঁজি আমি জয়ী হৈছোঁ।

নাওবৈচাত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ প্ৰতিদ্বন্দ্বীতা হৈছিল য’ত ৰাইজৰ দলৰ প্ৰাৰ্থী আজিজুৰ ৰহমান দুহেজাৰতকৈয়ো কম ভোটতত পৰাজিত হৈছিল। উপনিৰ্বাচনত ৰাইজৰ দলে থাউৰাত কংগ্ৰেছতকৈ বহু হেজাৰ ভোট বেছি পাইছে গতিকে ৰাইজৰ দলৰ লগত মিত্ৰতাৰ প্ৰয়োজনীয়তা কংগ্ৰেছৰহে আছে। ৰাইজৰ দল কংগ্ৰেছৰ বোকোচাত উঠিব খোজা নাই।অখিল গগৈয়ে ভোট বিভাজন ৰোধৰ বাবেহে বিৰোধী ঐক্যৰ কথা কৈছে যিটো আমাৰ দুৰ্বলতা নহয় বিজেপিক পৰাজিত কৰাৰ বাবে দেখুৱা সদিচ্ছা। নহ’লে ৮৫৫জন ছহিদৰ হত্যাৰে অবৈধ নিৰ্বাচন পাতি অসমৰ খিলঞ্জীয়া জনগণক বছৰৰ পাছত বছৰ প্ৰতাৰণা কৰি অহা দলটোক গুৰুত্ব দিবলৈ কি আছে। কংগ্ৰেছ নেতৃত্বই ভালদৰে বুজা উচিত ৰাইজৰ নেতা ৰাইজৰ সদিচ্ছা ৰাইজৰ সমৰ্থন অখিল গগৈৰ লগত আছে আৰু মিত্ৰতাৰ নামত যদি ৰাইজৰ দলৰ ৰাজনৈতিক সম্ভাৱনা শেষ কৰি দিম বুলি কংগ্ৰেছে ভাবিছে তেন্তে উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যবোৰৰ দৰে অসমতো আঞ্চলিকতাবাদৰ পুনৰোত্থান হব আৰু কংগ্ৰেছ বিজেপি আপৰ দৰে ৰাষ্ট্ৰীয়তাবাদী দলবোৰ ইতিহাস হব।

ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গিৰিশংকৰ গোস্বামীৰ স্পষ্ট কথা কংগ্ৰেছে বিৰোধীক ঐক্যবদ্ধ কৰিব নোৱাৰে। বিৰোধীক ঐক্যবদ্ধ কৰিবৰ বাবে অসমৰ নাগৰিক সমাজে বিজেপি এআইইউডিএফক বাদ দি অসমৰ সকলো ৰাজনৈতিক দল জাতীয় জনগোষ্ঠীয় সংগঠনক একত্ৰিত কৰি অসমৰ জনসাধাৰণৰ অভিভাৱকত্ব বিজেপি বিৰোধী ঐক্যবদ্ধ বিৰোধী মৰ্চা এটা গঠন কৰিবৰ বাবে আগবাঢ়ি আহিব লাগে নহ’লে অসমত কংগ্ৰেছৰ একাংশ নেতাৰ ৰাজনৈতিক সুবিধাবাদৰ বাবেই বিজেপিৰ জয়ৰ বাট মুকলি হব; আৰু যদি ২০২৬টো বিজেপি ক্ষমতালৈ আহে তেন্তে জগৰীয়া হব কংগ্ৰেছ।

Leave A Reply